BSNL Unveils New Logo: নতুন শ্লোগানেৰে মুকলি হ’ল BSNLৰ নতুন ল’গ’, কানেক্টিং ইণ্ডিয়াৰ পৰিৱৰ্তে হ’ল কানেক্টিং ভাৰত

গুৱাহাটী, ২৩ অক্টোবৰ: ভাৰত সঞ্চাৰ নিগম লিমিটেডে(Bharat Sanchar Nigam Limited) মঙলবাৰে মুকলি কৰিলে টেলিকম কোম্পানীটোৰ নতুন ল’গ’(BSNL Unveils New Logo)। নতুন ল’গ’টো মুকলি কৰি কোম্পানীটোৱে কয় যে, এই নতুন ল’গ’টো হৈছে বিশ্বাস, শক্তি আৰু উপলব্ধিৰ প্ৰতীক । উল্লেখ্য যে, BSNL এ ভাৰতত 4G নেটৱৰ্ক সেৱা আৰম্ভ কৰাৰ পূৰ্বে স্পাম-ব্লকিং ছলিউচন, ৱাই-ফাই ৰোমিং সেৱা, ইণ্ট্ৰানেট টিভি(Intranet Fiber LIVE TV) আৰু অন্যান্য সেৱাকে ধৰি মুঠ ৭টা নতুন সেৱা আৰম্ভ কৰিছে।

ভাৰত চৰকাৰৰ যোগাযোগ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়াই(Union Minister Jyotiraditya M. Scindia) এই নতুন ল’গ’ আৰু সেৱাসমূহ মুকলি কৰে । এই উপলক্ষ্যে আয়োজিত এক অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে “এই নতুন পদক্ষেপে BSNL ৰ বাবে এক পৰিৱৰ্তনশীল যুগৰ আৰম্ভণিক চিহ্নিত কৰিছে, যিয়ে সকলোকে নিৰৱচ্ছিন্ন, সাৰ্বজনীন, সুলভ আৰু সহজতে সংযোগ প্ৰদানৰ প্ৰতিশ্ৰুতিক পুনৰ এবাৰ নিশ্চিত কৰিছে।”

মুকলি অনুষ্ঠানটোত BSNL এ দাবী কৰে যে, ই এটা স্পামমুক্ত নেটৱৰ্ক আৰু প্ৰকৃত সময়ত বিভিন্ন সমস্যা আৰু স্পাম যোগাযোগ আঁতৰ কৰিবলৈ এক কাষ্টম সমাধান প্ৰদ্ধতি ব্যৱহাৰ কৰিছে। ইয়াৰ উপৰিও কোম্পানীটোয়ে ৱাই-ফাই ৰোমিং সেৱাৰ কথাও ঘোষণা কৰিছে, যিয়ে বিএছএনএলৰ নেটৱৰ্ক ব্যৱহাৰকাৰীসকলক ভ্ৰমণৰ সময়ত যিকোনো BSNL FTTH ৱাই-ফাই নেটৱৰ্কৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হ’ব ।

ইয়াৰ উপৰিও FTTH ব্যৱহাৰকাৰীসকলে কোম্পানীটোৰ ফাইবাৰ ভিত্তিক ইন্ট্ৰানেট লাইভ টিভি সেৱাৰ জৰিয়তে ৫০০ৰো অধিক প্ৰিমিয়াম টিভি চেনেল উপভোগ কৰিব পাৰিব। তাৰোপৰি বিএছএনএল এনি টাইম চিম (Any Time SIM) কিয়স্কৰ জৰিয়তে BSNL ৰ নতুন চিম কাৰ্ড ক্ৰয় কৰাটোও অতি সহজ কৰি তোলা হৈছে। ই স্বয়ংক্ৰিয়ভাৱে চিম কাৰ্ড প্ৰদান কৰিব পাৰে, আৰু কে ৱাই চি সম্পূৰ্ণ কৰাৰ পিছত চিম কাৰ্ড সক্ৰিয় কৰিব পাৰিব ।

তাৰোপৰি স্থল, বায়ু আৰু সাগৰৰ মাজেৰে কাম কৰা এছএমএছ সেৱাৰ বাবে ভাৰতৰ প্ৰথমটো চেটেলাইট-টু-ডিভাইচ সংযোগৰ দৰে অতিৰিক্ত সেৱাও আগবঢ়াইছে টেলিকম কোম্পানীটোৱে। একেদৰে কোম্পানীটোৱে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে একক এককালীন সমাধান নেটৱৰ্ক সেৱাও ঘোষণা কৰিছে। বিএছএনএলে খনন খণ্ডৰ বাবেও নিৰাপদ ৫জি নেটৱৰ্ক সেৱা ঘোষণা কৰিছে।

আপোনাৰ জ্ঞাতাৰ্থে জনাও যে BSNL এ সমগ্ৰ দেশতে নিজৰ 4G নেটৱৰ্ক সম্প্ৰসাৰণৰ কাম দ্ৰুতগতিত কৰি আছে আৰু Airtel, Jio আৰু Vi য়ে নিজ নিজ শুল্কৰ মূল্য বৃদ্ধি কৰাৰ পিছত BSNL এ সুলভ মূল্যৰ ৰিচাৰ্জ প্লেনৰ বাবে নতুন গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, এই চৰকাৰী টেলিকম কোম্পানীটোৱে ২০২৫ চনৰ ভিতৰত সমগ্ৰ দেশতে 4G ৰোলআউট সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে ।

লগতে পঢ়ক: বিএছএনএলৰ অকল্পনীয় প্লেন; মাত্ৰ ১২৬ টকাৰ ৰিচাৰ্জত ফ্ৰী কলিং আৰু ডাটাৰে বছৰটো চলিব আপোনাৰ ফোন

Related Articles