পাৰ চৰাইৰ বাবে বিলাসী ফ্লেট নির্মাণ! শুনি আচৰিত যেন লাগিলেও এয়াই সত্য…

শিৰােনাম দেখিয়েই আপুনি চাগে বিস্ময়ত হতবাক হৈছে। পাৰ চৰাইৰ বাবে ফ্লেট সজোৱাৰ কথাটো বিশ্বাস কৰিবলৈ টান লাগে । কাঠৰ সৰু বাহ অথবা ঘৰৰ চিলিঙত সাধাৰণতে পাৰ পােহা হয়। পিছে এইবাৰ পাৰ চৰাই থাকিবলৈ বিলাসী ফ্লেট নির্মাণ কৰা হৈছে গাজিয়াবাদত। গাজিয়াবাদ উন্নয়ন প্ৰাধিকাৰীয়ে বিলুপ্তপ্রায় – চৰাইৰ প্ৰজাতিসমূহ জীয়াই ৰখাৰ উদ্দেশ্যে প্রথমবাৰৰ বাবে এটি আটকধুনীয়া ফ্লেট নির্মাণ কৰিছে। এই ফ্লেটটো প্রাধিকৰণ কর্তৃপক্ষৰ আৱাসত নির্মাণ কৰা হৈছে। এই ফ্লেটটোত পাৰ চৰাইকে ধৰি বিভিন্ন প্রজাতিৰ ৬০ টা চৰাই ৰখাৰ ব্যৱস্থা কৰা হৈছে। এই ফ্লেটটো লােহাৰ মজবুত স্তম্ভৰ ওপৰত নিৰ্মাণ কৰা হৈছে। ৰ’দ-বৰষুণৰ পৰা সুৰক্ষা দিয়াৰ বাবে ফ্লেটৰ ওপৰত চালি এখনাে নির্মাণ কৰা হৈছে। এই বার্ড ফ্লেট নির্মাণৰ উদ্দেশ্যৰ বিষয়ে জানিবলৈ দিয়া মতে ফ্লেটৰ আৱাসীসকলৰ প্ৰকৃতিৰ সৈতে নিকট সম্পর্ক গঢ়ি তোলা ।

গাজিয়াবাদৰ এই আটকধুনীয়া বার্ড ফ্লেটটো নির্মাণ ব্যয় হৈছে দুই লাখ টকা । উল্লেখ্য যে ফ্রেটৰ আৱাসী চৰাই চিৰিকটিবােৰে গা ধুবলৈ আৰু খােৱা পানীৰ বাবে পুখুৰীও নির্মাণ কৰা হৈছে । চৰাই – চিৰিকটিসমূহৰ বাবে খাদ্য যােগানৰো ব্যৱস্থা কৰা হৈছে ।

Related Articles