Breaking

জ্বলাই দিলে ৪৫ খন পবিত্ৰ কোৰাণ…

0 96

কোৰাণ ইছলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থ। শেহতীয়াকৈ ছুইডেনত কোৰাণ জ্বলোৱাৰ অপমানজনক ঘটনা সংঘটিত হৈছে। ইয়াৰ প্ৰতিবাদত বিশ্বৰ সকলো ইছলামিক দেশে মিলি এই ঘটনাক গৰিহণা দিয়ে। অৱশ্যে এইবাৰ বিষয়টো অলপ বেছি গুৰুতৰ, কাৰণ এইবাৰ কোৰাণ জ্বলোৱাৰ ঘটনা সংঘটিত হৈছে এখন মুছলমান দেশত। শেহতীয়াকৈ বাংলাদেশত কোৰাণ জ্বলোৱাৰ খবৰ চৰ্চালৈ আহিছে। য’ত উত্তৰ-পূবৰ চিলেট চহৰ – বাংলাদেশৰ অন্যতম ৰক্ষণশীল অঞ্চলত দুজন লোকে মুঠ ৪৫ খন কোৰাণ জ্বলাই দিছিল। কোৰাণ জ্বলোৱা অভিযুক্তৰ নাম হ’ল নুৰুৰ ৰহমান আৰু মেহবুব আলম, কোৰআন জ্বলোৱাৰ সন্দৰ্ভত স্পষ্টীকৰণ দিওঁতে তেওঁলোকে কয় যে কোৰাণ খন অতি পুৰণি আছিল আৰু কিছুমান ছপা কৰাত ভুল হৈছিল।

বাংলাদেশত এই পৱিত্ৰ কোৰাণ জ্বলোৱাৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বাংলাদেশ আৰক্ষীয়ে জনোৱা মতে, মুছলমান সংখ্যাগৰিষ্ঠ বাংলাদেশত বহু কোৰাণ জ্বলোৱাৰ পিছত হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্য়স্ত কৰে।

কোৰাণ জ্বলোৱাৰ সিদ্ধান্ত সন্দৰ্ভত একাংশ মুছলমান পণ্ডিতে কয় যে যদি কিবা কাৰণত কোৰাণক সন্মানেৰে জ্বলাই দিয়া হয়, তেন্তে সেয়া ভুল নহয়। কিন্তু যোৱা মাহত ছুইডেন আৰু ডেনমাৰ্কৰ মাজত কোৰাণক ৰাজহুৱাভাৱে অপবিত্ৰ কৰা কেইবাটাও প্ৰতিবাদৰ পিছত মুছলমান দেশসমূহৰ মাজত উত্তেজনা বৃদ্ধি পায়। বাংলাদেশৰ জনসংখ্যা ১৭ কোটি, ইয়াৰে ৯০ শতাংশ মুছলমান। বাকী হিন্দু আৰু খ্ৰীষ্টান।


Leave A Reply

Your email address will not be published.