তিতাবৰত মহিয়সী নাৰী সতী ৰাধিকাৰ আৱক্ষ মূৰ্তি উন্মোচন…

তিতাবৰৰ চাপৰি গাঁও বৰনামঘৰ প্ৰাঙ্গনত গাঁওখনৰ মহিলা সমাজৰ উদ্যোগত শিল্পী অপূৰ্ব দাসৰ দ্বাৰা নিৰ্মিত সতী ৰাধিকাৰ আৱক্ষ মূৰ্তি বৃহস্পতিবাৰে শুভ উন্মোচন কৰে তিতাবৰ মহকুমা অনুসূচিত জাতি পৰিষদৰ অধ্যক্ষ নিতুল দাসে।তদুপলক্ষে পুৱা ধৰ্মধ্বজা উত্তোলন, নাম-প্ৰসঙ্গ, কীৰ্তন পাঠৰ লগতে সমাজসেৱিকা দিপ্তী হাজৰিকাৰ সভানেত্ৰীত্বত অনুষ্ঠিত হোৱা মুকলি সভাত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক ডঃ ইন্দ্ৰেশ্বৰ দাস আৰু তিতাবৰ জিলা সতী ৰাধিকা আই মাতৃ সমাজৰ সভানেত্ৰী তৰুণী দাসে নিৰ্দিষ্ট বক্তাৰূপে ভাষণ প্ৰদান কৰে। আই মাতৃ সমাজৰ দ্বাৰা সতী ৰাধিকা গীতেৰে শুভাৰম্ভ হোৱা সভাত অসম অনুসূচিত জাতি পৰিষদৰ সাধাৰণ সম্পাদক দীপাংকৰ হাজৰিকাই বিশিষ্ট অতিথিৰূপে ভাষণ প্ৰদান কৰে।

অৱসৰপ্ৰাপ্ত শিক্ষক দেৱেশ্বৰ হাজৰিকা, নৰেন বৰা, ডঃ নিৰ্মল বৰা আদিয়ে অতিথিৰূপে আসন অলংকৃত কৰা সভাত সতী ৰাধিকাৰ আৱক্ষ মূৰ্তি স্থাপনৰ নেতৃত্ব প্ৰদান কৰা ধৰ্মপ্ৰাণা মাকন দাস, আৱক্ষ মূৰ্ত্তি নিৰ্মাতা শিল্পী অপূৰ্ব দাস, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ নিবেদিতা বৰাক সম্বৰ্ধনা জ্ঞাপনৰ উপৰিও স্থানীয় কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনায়।ৰাতিলৈ প্ৰাক্তন শিক্ষয়ত্ৰী, অভিনেত্ৰী অদিতি দাসে উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচীৰ সামৰণি পৰে।

Related Articles