BYE ELECTIONS । আগন্তুক উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি অসম বিজেপিৰ: ৩ সমষ্টিৰ প্ৰাৰ্থীৰ নাম তালিকা চূড়ান্ত

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ১৪ অক্টোবৰঃ (BYE ELECTIONS)ৰাজ্যৰ ৰাজনৈতিক বতাহ পুনৰ গৰম হৈ পৰিব। আকৌ আহিব নিৰ্বাচন। অৱশ্যে এইবাৰ হব উপ-নিৰ্বাচন। শেহতীয়াকৈ তিনিটা বিধানসভা সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী চিনাক্ত কৰি আগন্তুক উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ অসম শাখা। সোমবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই এই কথা নিশ্চিত কৰে।ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ বৈঠকত উপ-নিৰ্বাচনৰ বাবে তিনিখন আসনৰ সাম্ভাৱ্য প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰা হৈছে। বহু কেইগৰাকী দাবীদাৰ প্ৰাৰ্থীৰ মাজৰে পৰা নিৰ্বাচিত প্ৰাৰ্থীকলৈ এখন তালিকা প্ৰস্তুত কৰা হৈছে। ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,দলৰ প্ৰভাৰী হৰিশ দ্বিবেদী,ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ নেতাসকল উপস্থিত থাকে । (BYE ELECTIONS)

বৈঠকত দলটোৰ সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজুও উপস্থিত থাকে । বৈঠকৰ অন্তত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় ৷‘উপ-নির্বাচন সন্দর্ভত আমি পুংখানুপুংখ আলোচনা কৰি বিহালী, ধলাই, আৰু চামগুৰি আসনৰ পৰা তিনিজনকৈ প্রার্থীক চর্টলিষ্ট কৰিছো৷ এই নামসমূহ দলৰ সংসদীয় ব’ৰ্ডলৈ প্ৰেৰণ কৰা হৈছে, সংসদীয় ব’ৰ্ডে দলৰ টিকট কোনে লাভ কৰিব সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব।’। তেওঁ লগতে উল্লেখ কৰে যে সংসদীয় ব’ৰ্ডে অহা কেইদিনমানৰ ভিতৰত প্ৰাৰ্থী ঘোষণা কৰাৰ সম্ভাৱনা আছে। লক্ষ্যণীয়ভাবে বিজেপিয়ে ছিদলী আৰু বঙাইগাঁও আসনত প্ৰতিদ্বন্দ্বিতা নকৰে। ইয়াৰ পৰিৱৰ্তে মিত্ৰজোঁটৰ অংশীদাৰ ইউ পি পি এল আৰুঅসম গণ পৰিষদ (অগপ)ক বিজেপিয়ে দুখন আসনত নিৰ্বাচন খেলিব। কলিতাই কয় যে বিগত বিধানসভা নিৰ্বাচনত মিত্ৰশক্তিয়ে পূৰ্বে দুয়োখন আসনত বিজয় নিশ্চিত কৰিছিল। ২০২১ চনত ইউপিপিএলে ছিদলীত জয়লাভ কৰিছিল, আনহাতে অগপই বঙাইগাঁৱত জয়লাভ কৰিছিল।

আমাৰ মিত্ৰতা মজবুত হৈ আছে আৰু আমি এই সমষ্টিসমূহত আমাৰ মিত্ৰসকলক সমৰ্থন কৰি যাম।’ উল্লেখ্য বিজেপিৰ পৰিমল শুক্লবৈদ্য আৰু ৰঞ্জিত দত্তই ক্ৰমে কাছাৰ আৰু তেজপুৰ লোকসভাৰ আসনত জয়লাভ কৰাৰ বিপৰীতে বঙাইগাঁৱৰ পৰা অগপৰ প্ৰবীণ নেতা ফণীভূষণ চৌধুৰীয়ে সংসদলৈ নিৰ্বাচিত হৈছে। ইফালে কোকৰাঝাৰত জয়লাভ কৰে ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীয়ে। চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন সংসদলৈ বিজয়ী হোৱাত পাঁচ খন আসনত উপ-নিৰ্বাচনৰ প্ৰয়োজন হৈ পৰিছে। উল্লেখ্য ৰাজ্যত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল যদিও পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন পূৰ্বৰ সমষ্টিৰ ভিত্তিতেই হ’ব । ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ ভিত্তিতেই উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব । পাঁচটা বিধানসভা সমষ্টিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ স্থিতিতে উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব । উক্ত পাঁচটা সমষ্টিৰ বাবে ২০২১ চনত উপলব্ধ ভোটাৰ তালিকাসমূহ উপ-নিৰ্বাচনৰ সময়লৈকে নবীকৰণৰ ব্যৱস্থা কৰি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে । পাঁচটা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৯,১০,১২৬ গৰাকী ।

Related Articles