Breaking

উপ-নিৰ্বাচনৰ পিছতহে মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰা হ’বঃ মুখ্যমন্ত্ৰী…

0 25

উপ-নিৰ্বাচনৰ পিছতহে মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰা হ’বঃ মুখ্যমন্ত্ৰী

মহিলাৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনাক শক্ত হাতেৰে দমন কৰিবলৈ আৰক্ষীক নিৰ্দেশ হৈছে

পূজাৰ পূৰ্বে কৰিমগঞ্জৰ পথ মেৰামতিৰ বাবে ২০ কোটি টকা অনুমোদন ।

কৰিমগঞ্জ জিলাৰ বিজেপি কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিবলৈ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সীমান্ত চহৰলৈ আহে । সন্মিলনৰ শেষত আৱৰ্ত ভৱনত মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ মুখামুখি হৈ ধিংত হোৱা মহিলাৰ ওপৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ ওপৰত আলোকপাত কৰি ৰাজ্যত নাৰী নিৰ্যাতন ৰোধ কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ দিয়া বুলি কয় তেওঁ ।

উপ-নিৰ্বাচনৰ পাছত মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীৱে । কৰিমগঞ্জৰ এগৰাকী বিধায়কে এই মন্ত্ৰীসভাত স্থান লাভ কৰিছে । আনহাতে, পূজাৰ আগেয়ে অৰ্থাৎ দুমাহৰ ভিতৰত কৰিমগঞ্জৰ বাট-পথ ঠিক কৰা হ’ব আৰু ইয়াৰ বাবে তেওঁ ২০ কোটি টকা অনুমোদন জনাইছে ।

আনফালে বাংলাদেশত হিন্দু উপৰত হোৱা অত্যাচাৰৰ বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৱে কয় যে বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলক সুৰক্ষা দিবলৈ আন্তঃৰাষ্ট্ৰীয় হেঁচা সৃষ্টি কৰাটো অতি প্ৰয়োজন । তেওঁ লগতে মন্তব্য কৰে যে বাংলাদেশৰ বস্ত্ৰশিল্প কলসমূহ বন্ধ হোৱাৰ বাবে সেই মিলসমূহৰ শ্ৰমিকসকলে ভাৰতলৈ আহিব বিচাৰিছে ।

Leave A Reply

Your email address will not be published.