Breaking

নিশা সকলোধৰণৰ নিৰাপত্তাৰক্ষী ত্যাগ হাগ্ৰামাৰ : পুৱা হাগ্ৰামালৈ কেবিনেট পৰ্যায়ৰ নিৰাপত্তা

0 2,071

যোৱা নিশা নিজৰ সকলোধৰনৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী নিজেই ত্যাগ কৰিছিল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।  বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে তেওঁৰ ঘৰৰ পৰা নিৰাপত্তাৰক্ষীসকলক উলিয়াই দিছিল আৰু যাৰ ফলত প্ৰচণ্ড শীতত হাগ্ৰামাৰ বাসগৃহৰ বাহিৰত ৰাজপথতে নৈশ যাপন কৰিব লগা হৈছিল আৰক্ষী জোৱান সকলে । হাগ্ৰামা মহিলাৰীয়ে আধাঘণ্টাৰ ভিতৰতে ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়াত জোৱান সকলে  টালি -টোপোলা, বেডিং বান্ধি গড়কাপ্তানি পথলৈ ওলাই আহে আৰু উৰ্ধতম বিষয়াক ঘটনা সন্দৰ্ভত অৱগত কৰে। নিৰাপত্তাৰক্ষী বিষয়াই সদৰি কৰা মতে সদ্যহতে ২১ গৰাকী নিৰাপত্তাৰক্ষীৰে বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছিল যদিও প্ৰশাসনে ইয়াৰে ১১ গৰাকী নিৰাপত্তাৰক্ষী ৰাখি বাকীখিনিক প্ৰত্যাহাৰ কৰিব বুলি আগতীয়া তথ্য লাভ কৰিয়ে হাগ্ৰামা মহিলাৰীয়ে খঙতে সকলো নিৰাপত্তাৰক্ষীক বিদায় দিয়ে।

আনহাতে, নিশা নিশা নিজৰ সকলোধৰনৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী নিজেই ত্যাগ কৰাৰ পিছতে হাগ্ৰামা মহিলাৰীলৈ  IGPৰ পত্ৰ । আজি কোকৰাঝাৰৰ আৰক্ষী মহানিৰ্দেশকে এক পত্ৰৰ জৰিয়তে পুনৰ হাগ্ৰামাক নিৰাপত্তা বেষ্টনি প্ৰদান কৰিছে। হাগ্ৰামা মহিলাৰীক কেবিনেট পৰ্যায়ৰ নিৰাপত্তা প্ৰদান কৰিছে কোকৰাঝাৰৰ আইজিপিয়ে। এতিয়াৰ পৰা হাগ্ৰামাই লাভ কৰিব ২ গৰাকী দেহৰক্ষী, ৩ জনীয়া এছকোৰ্ট, এগৰাকী প্ৰধান দেহৰক্ষী, আৰু ৮ জনীয়া গৃহৰক্ষী।

Leave A Reply

Your email address will not be published.