Breaking

নলবাৰীত কেবিনেট বৈঠক ঃ মন্ত্ৰীসকলৰ বাবে ২২ বিধ খাদ্য সম্ভাৰৰ জুতি

0 22

দিনৰ ১২বজাৰ পৰা আজি নলবাৰী আয়ুক্তৰ কাৰ্যালয়ত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় । উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ নেতৃ্ত্ব অনুষ্ঠিত হোৱা এই বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা । ইফালে নলবাৰীত ব্যাপক প্ৰস্তুতি দেখা গৈছে। সাজু হৈছে কেবিনেট মন্ত্ৰীসকলৰ বাবে ভিন্ন খাদ্য সম্ভাৰ ।

প্ৰায় ২২বিধ খাদ্য সম্ভাৰৰ তালিকাত আছে প্লেইন ৰাইচ, জিৰা আৰু পোলাও । ইয়াৰ বিপৰীতে ছাগলীৰ মাংস, মিছা মাছ ভজা, আদা দিয়া সৰু মাছৰ লগতে কাৱৈ আৰু মাগুৰ মাছৰ আঞ্জাও ৰন্ধা হৈছে । আনকি চিকেন চুপৰ লগতে মাহৰ দাইলৰ লগত খাহিৰ তেল, দাইল, কলফুল ভাজি, ঢেকীঁয়া ভাজি, কল পছলা, সৰু আলু ভাজি, বৰা ভাজি, আলু পিটিকা, পদিনা চাটনি, তিলৰ চাটনি, অমিতা খাৰ, চালাদ, মিঠা দৈ আৰু গোলাপ জামুনো আছে তালিকাত ।

Leave A Reply