যদি কেন্সাৰ প্ৰথম বা দ্বিতীয় পৰ্যায়ৰ হয় তেন্তে সেই ৰোগৰ পৰা আৰোগ্য হোৱাৰ আশা থাকে। আনহাতে যদি তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ হয় তেন্তে মানুহৰ চিন্তা বাঢ়ি যায়। শৰীৰৰ বিপজ্জনক আৰু মাৰাত্মক ৰোগৰ ভিতৰত অন্তৰ্ভুক্ত কৰ্কট ৰোগ। দিনক দিনে বৃদ্ধি পাইছে কেন্সাৰ ৰোগীৰ সংখ্যা। কিছুমান লোকে উন্নত চিকিৎসাৰ বাবে এই ৰোগৰ পৰা পৰিত্ৰাণ পায়, আনহাতে কিছুমানে স্বাস্থ্যজনিত জটিলতাৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হয়। প্ৰশ্ন উত্থাপন হয় যে চতুৰ্থ পৰ্যায়ৰ কৰ্কট ৰোগ সঁচাকৈয়ে মাৰাত্মক নেকি? চতুৰ্থ পৰ্যায়ৰ কৰ্কট ৰোগীৰ বাবে জীয়াই থকাটো সঁচাকৈয়ে কঠিন নেকি? এই প্ৰশ্নবোৰৰ উত্তৰ জানো আহক…
চতুৰ্থ পৰ্যায়ৰ কৰ্কট ৰোগক বিপদজনক আৰু মাৰাত্মক বুলি গণ্য কৰা হয়। কাৰণ এই পৰ্যায় অহাৰ সময়লৈকে ইতিমধ্যে শৰীৰত কেন্সাৰ বিয়পি পৰে। কৰ্কট কোষে শৰীৰৰ আন অংশত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। এই কাৰণেই পৰিস্থিতি অলপ গুৰুতৰ হৈ পৰে। কিন্তু এইটো একেবাৰেই নহয় যে যদি কাৰোবাৰ চতুৰ্থ পৰ্যায়ৰ কৰ্কট ৰোগগ জীয়াই থকাটো কঠিন বা অসম্ভৱ। বহু সময়ত যেতিয়া কেন্সাৰ কোষবোৰ এটা অংগৰ পৰা আন এটা অংগলৈ স্থানান্তৰিত হয়, তেতিয়া ইয়াক চতুৰ্থ পৰ্যায়ৰ কৰ্কট ৰোগ বুলিও কোৱা হয়। কিন্তু এইটো একেবাৰেই নহয় যে প্ৰতিটো চতুৰ্থ পৰ্যায়ৰ কৰ্কট ৰোগ মাৰাত্মক আৰু বিপদজনক বা ইয়াৰ চিকিৎসা সম্ভৱ নহয়।
আজিৰ যুগত প্ৰায়বোৰ ৰোগৰ আধুনিক চিকিৎসাৰ ব্যৱস্থা আছে। আধুনিক চিকিৎসা পদ্ধতিয়ে বহুতো বিপদজনক ৰোগৰ চিকিৎসা সহজ আৰু সম্ভৱপৰ কৰি তুলিছে। অন্ত্ৰৰ কৰ্কট ৰোগ, মলদ্বাৰৰ কৰ্কট ৰোগ আৰু বৃহদান্ত্ৰৰ কেন্সাৰ এনে কিছুমান কৰ্কট ৰোগ যিবোৰ চতুৰ্থ পৰ্যায়তো আৰোগ্য কৰিব পৰা যায়। কেৱল এয়াই নহয়, মুখ, জিভা আৰু হাওঁফাওঁৰ কৰ্কট ৰোগৰ কিছুমান ক্ষেত্ৰতো চতুৰ্থ পৰ্যায়ত আৰোগ্য লাভ কৰিব পাৰি। এই ধৰণৰ কৰ্কট ৰোগৰ চিকিৎসাত কেমোথেৰাপি, ৰেডিয়চন আৰু অস্ত্ৰোপচাৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও স্বাস্থ্যসন্মত খাদ্য খোৱা আৰু মদ আৰু চিগাৰেট ত্যাগ কৰিলেও কৰ্কট ৰোগৰ পৰা সোনকালে পৰাস্ত হ’ব পাৰি।