ডায়েবেটিছ ৰোগীৰ বাবে মিঠা বস্তু ‘বিষ’ৰ দৰে, গতিকে ডায়েবেটিছত মিঠা আলু খাব পাৰি নে নোৱাৰে এই প্ৰশ্ন উত্থাপন কৰাটো স্বাভাৱিক! শীতকালত বজাৰত পুষ্টিকৰ খাদ্য ওলাইছে যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী, কিন্তু ডায়েবেটিছ ৰোগীয়ে কি খাব বা কি নাখাব সেই বিষয়ে বিভ্ৰান্ত হয়! কাৰণ সামান্য ভুল হ’লে তেজত চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে, যিটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিপদজনক। শীতকালত মিঠা আলু বহুত ভাল লাগে, সকলোৱে বেলেগ বেলেগ ধৰণে খায়, কিন্তু ডায়েবেটিছ ৰোগীয়ে ইয়াক সেৱন কৰাটো উচিত নে নহয়? এই সন্দৰ্ভত আমি আপোনালোকক জনাম কিছু কথা…
ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি, প্ৰটিন, আঁহ, কাৰ্বহাইড্ৰেট, স্বাস্থ্যকৰ চৰ্বি, কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, ফছফৰাছ, কেৰটিনয়ড আৰু থাইয়ামিন আদি গুৰুত্বপূৰ্ণ পুষ্টি মিঠা আলুত পোৱা যায়।যিবোৰ স্বাস্থ্যৰ বাবে সকলো দিশতে উপকাৰী। কিন্তু যিহেতু ইয়াৰ সোৱাদ মিঠা, গতিকে ডায়েবেটিছ ৰোগীয়ে ইয়াক খাবলৈ ভয় কৰে।
খাদ্য বিশেষজ্ঞ আয়ুষী যাদৱৰ মতে যিকোনো খাদ্য ৰন্ধা পদ্ধতিয়েই ইয়াৰ গ্লাইচেমিক ইনডেক্স কম হ’ব নে বেছি হ’ব সেয়া নিৰ্ণয় কৰে। উচ্চ জি আই থকা যিকোনো বস্তু ডায়েবেটিছ ৰোগীৰ বাবে বিপদজনক হ’ব পাৰে। মিঠা আলুত ষ্টাৰচ আৰু কাৰ্বহাইড্ৰেট থাকে, গতিকে বহুতে ইয়াক খাবলৈ ভয় কৰে।
ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী বুলি গণ্য কৰা মিঠা আলুত উচ্চ আঁহ আৰু প্ৰদাহ নিবাৰণকাৰী গুণ থাকে, কিন্তু ইয়াৰ খোলাৰে উতলাই খালে ডায়েবেটিছত ই উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে, আৰু তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
কিছুমান মানুহে মিঠা আলু তেলত ভাজি খায়, কিন্তু এনেদৰে কাব নালাগে। ই তেজত বেয়া কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে, যিটো ডায়েবেটিছ ৰোগীৰ বাবে বিপদজনক। কেৱল সিজোৱা মিঠা আলু খাব লাগে। সপ্তাহত এবাৰ বা দুবাৰ সেৱন কৰিব পাৰে।