বাতিল ৮০০০ শিক্ষকৰ পদ , আৰু ৪০০০ ক নিযুক্তি দিয়া হ’বঃ শিক্ষামন্ত্ৰী…

ৰাজ্যৰ নিম্ন আৰু উচ্চ প্ৰাথমিকৰ প্ৰায় ৯ হাজাৰ শিক্ষকৰ স্থায়ী পদ বিলুপ্তিকৰণ সন্দৰ্ভত চলি থকা ব্যাপক চৰ্চা সমালোচনাৰ মাজতে কালি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে ২০২০ চনতেই এই শিক্ষকৰ পদসমূহ অপ্ৰয়োজনীয়ভাৱে ৰাখি থোৱা হৈছিল৷ এতিয়া সেইবোৰৰেই বিলুপ্তি ঘটোৱা হৈছে। যিহেতু পদসমূহ নিষ্ক্ৰিয় কৰি ৰখা হৈছে, গতিকে কোনোধৰণৰ বিত্তীয় শৃংখলা ব্যাহত হোৱাতকৈ সেয়া বিলুপ্তি কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে উক্ত পদসমূহত কোনো নিযুক্তি দিয়া নহয়৷

ইফালে ঠিকা-ভিত্তিক শিক্ষকসকলৰ চাকৰি ৬০ বছৰলৈ নিশ্চিত কৰা হৈছে৷ তাৰ বাবে আৰ অ’ পি অনুযায়ী দৰমহা প্ৰদানৰ ব্যৱস্থা লোৱা হৈছে৷ নিয়মীয়া শিক্ষকৰ দৰেই তেওঁলোকে মৰগীয়া বানচ পাব৷ কিন্তু তেওঁলোক যিহেতু ঠিকা-ভিত্তিক গতিকে তেওঁলোকৰ বাবে বিভাগত কোনো স্থায়ী পদ নাই৷’

উল্লেখ্য যে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত মুঠ ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে পৰ্যাপ্ত শিক্ষক৷ সম্প্ৰতি প্ৰাথমিক শিক্ষাত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ অনুপাত হ’ল ২১:১৷ অৰ্থাৎ ২১জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এজনকৈ শিক্ষক নিয়োজিত হৈ আছে৷ কালি গুৱাহাটীত এক সংবাদ মেল আয়োজন কৰি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা জনায়।

প্ৰাথমিক শিক্ষাত ৰাজ্যত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ’ল ৪৯,৯০,৪৪৯গৰাকী৷ ইফালে, কৰ্মৰত শিক্ষকৰ সংখ্যা হ’ল ২,২১,২৪৯গৰাকী৷ এই সংখ্যাৰ ভিতৰত নিয়মীয়া, ঠিকা-ভিত্তিক, টিউটৰ সকলো শ্ৰেণীৰ শিক্ষক সোমাই আছে৷ তদুপৰি, ৪ হাজাৰ খালী পদ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি প্ৰক্ৰিয়া আগবঢ়াই নিয়া হৈছে৷ বৰ্তমান প্ৰাথমিক শিক্ষা বিভাগত নতুন শিক্ষক নিযুক্তিৰ কোনো প্ৰয়োজন নাই বুলি তেওঁ স্পষ্টভাৱে কয়৷ যদিহে প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৫০ লাখতকৈ বৃদ্ধি পায় তেতিয়াহে ওপৰঞ্চি শিক্ষকৰ প্ৰয়োজন হ’ব বুলি কয় শিক্ষা মন্ত্ৰীয়ে৷

Related Articles