Breaking

৫০ অনুৰ্ধৰ লোকৰ মাজত বৃদ্ধি পাইছে কৰ্কট ৰোগৰ আশংকা : অধ্যয়নত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

0 567

৫০ অনুৰ্ধৰ লোকৰ মাজত বৃদ্ধি পাইছে কৰ্কট ৰোগৰ আশংকা। শেহতীয়াকৈ এক অধ্যয়ন অনুসৰি ৫০ বছৰ বয়সৰ আগতে ধৰা পৰা কৰ্কট ৰোগৰ ঘটনা সমগ্ৰ বিশ্বতে ভয়ংকৰভাৱে বৃদ্ধি পাইছে। এই বৃদ্ধি ১৯৯০ চনৰ প্ৰথম ভাগৰ পৰাই লক্ষ্য কৰা হৈছিল আৰু এতিয়া ই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ৫০ বছৰৰ তলৰ লোকসকলৰ ক্ষেত্ৰত হোৱা কৰ্কট ৰোগৰ ভিতৰত আছে স্তন, মলাশয়, খাদ্যনলী, বৃক্ক, যকৃত আৰু অগ্ন্যাশয়ৰ কৰ্কট ৰোগ। সুৰা পান, টোপনি ক্ষতি, ধূমপান, মেদবহুলতা, আৰু উচ্চ মাত্ৰাত সংসাধিত খাদ্য গ্ৰহণ আদি কাৰকৰ বাবেই ৫০ বছৰৰ তলৰ অধিকাংশ লোক কৰ্কট ৰোগত আক্ৰান্ত হয় বুলি গৱেষকসকলে কৈছে।মেছিনত তৈয়াৰী সংসাধিত খাদ্য, চেনীযুক্ত পানীয়, মেদবহুলতা, সুৰাসেৱনৰ দৰে বিপদাশংকাৰ কাৰকবোৰ ১৯৫০-ৰ দশকৰ পৰা যথেষ্ট বৃদ্ধি পাইছে। গৱেষণাত অংশগ্ৰহণ কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰিঘাম এণ্ড উইমেনছ হস্পিটেলৰ অধ্যাপক ছুজি ওগিনোৱে কয় যে কেতবোৰ বাহ্যিক কাৰকৰ বাবে ৫০ বছৰৰ তলৰ লোকসকলৰ ক্ষেত্ৰত কৰ্কট ৰোগৰ প্ৰৱণতা বৃদ্ধি পাইছে।


শেহতীয়াকৈ নেচাৰ ৰিভিউজ ক্লিনিকেল অংক’লজী আলোচনীত প্ৰকাশিত অধ্যয়নটোত কতোৱা হৈছে যে প্ৰতিটো প্ৰজন্মৰ সৈতে বিপদাশংকাসমূহ বৃদ্ধি পাই গৈ আছে। অপিৰিশীলিত জীৱন শৈলীয়ে বহুতৰে বাবে বিপদ মাতি অনা বুলিও গৱেষকসকলে কৈছে।
গৱেষণাটোত প্ৰাপ্ত তথ্য অনুসৰি ১৯৬০ চনত জন্ম গ্ৰহণ কৰা লোকসকলে ১৯৫০ চনত জন্ম হোৱা লোকৰ তুলনাত ৫০ বছৰ বয়স হোৱাৰ আগতে অধিক হাৰত কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা আছিল। গৱেষকসকলে ভৱিষ্যতবাণী কৰিছে যে এই বিপদাশংকাৰ স্তৰ ক্ৰমাগত প্ৰজন্ম অনুসৰি অনুসৰি বাঢ়ি যাব। তেওঁলোকে প্ৰথমে ১৪ টা বিভিন্ন কৰ্কট ৰোগৰ ঘটনা বিশ্লেষণ কৰি তাৰ আধাৰতে বিশ্বব্যাপী আন তথ্যও বিশ্লেষণ কৰিছিলষ গৱেষণাটোত ২০০০ চনৰ পৰা ২০১২ চনলৈ ৫০ বছৰ বয়সৰ তলৰ প্ৰাপ্তবয়স্কসকলৰ ক্ষেত্ৰত কৰ্কটৰ ঘটনা বৃদ্ধি হোৱা দেখা গৈছে । গৱেষকসকলে প্ৰকাশ কৰা মতে লোক এজনৰ আহাৰ, জীৱনশৈলী, ওজন, পাৰিপাৰ্শ্বিক সংস্পৰ্শ আদিৰ ওপৰতে কৰ্কট ৰোগৰ আশংকা বহু খিনি নিৰ্ভৰ কৰে। যোৱা কেইবা দশকত মানুহৰ এনেবোৰ জীৱন শৈলীৰ যথেষ্ট পৰিৱৰ্তন হৈছে। তেওঁলোকে অনুমান কৰিছে যে পশ্চিমীয়া আহাৰ আৰু জীৱনশৈলীৰ দৰে কাৰকে কৰ্কট সৃষ্টিত অৰিহণা যোগাব পাৰে।

Leave A Reply

Your email address will not be published.