Cancer: মহিলাসকলে খাদ্য গ্ৰহণ কৰাৰ সময়ত এই লক্ষণ সমূহক আওকাণ নকৰিব, এয়াই হ’ব পাৰে কেন্সাৰৰ প্ৰথম লক্ষণ!

বিশেষকৈ ডিম্বাশয়ৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত মহিলাসকলৰ কৰ্কট ৰোগৰ বিপদৰ বিষয়ে সজাগতা বৃদ্ধিৰ প্ৰয়োজন। এই কেন্সাৰ মহিলাৰ বাবে অত্যন্ত মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে কাৰণ ইয়াক প্ৰাৰম্ভিক পৰ্যায়ত চিনাক্ত কৰাটো অতি প্ৰত্যাহ্বানজনক। আমেৰিকান কেন্সাৰ ছ’চাইটিৰ তথ্য অনুসৰি ডিম্বাশয়ৰ কৰ্কট ৰোগৰ মাত্ৰ ২০% ৰোগীয়েহে প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পৰে। আগতীয়াকৈ ধৰা পৰিলে ৯৪% ৰোগীয়ে পাঁচ বছৰতকৈ অধিক সময় জীয়াই থাকিব পাৰে।(Cancer)

ডিম্বাশয়ৰ কৰ্কট ৰোগ হৈছে মহিলাৰ ডিম্বাশয়ত বিকশিত হোৱা মহিলাৰ প্ৰজনন তন্ত্ৰৰ এটা অংশ। যিকোনো বয়সতে হ’ব পাৰে, কিন্তু ৫০ বছৰৰ ওপৰৰ মহিলাৰ ক্ষেত্ৰত এই ৰোগ বেছিকৈ দেখা যায়। প্ৰায়ে ইয়াৰ লক্ষণসমূহ প্ৰাৰম্ভিক অৱস্থাত অস্পষ্ট হয়। যেনে পেট ফুলা, ভোক কমি যোৱা বা সঘনাই প্ৰস্ৰাৱ কৰাৰ হেঁপাহ। সেয়ে কেতিয়াবা পলমকৈ চিনাক্ত হয় এই বেমাৰ।


এই লক্ষণ সমূহ হৈছে-

  • পেট ফুলা বা গধুৰ হোৱা, পেট বিষ
  • সোনকালে ভোক অনুভৱ কৰা বা ভোক অনুভৱ নকৰা
  • প্ৰস্ৰাৱ কৰাৰ হেঁপাহ অনুভৱ কৰা
  • বদহজম বা পেটৰ বিষ
  • কোষ্ঠকাঠিন্য বা ডায়েৰিয়া
  • কঁকালৰ বিষ
  • অত্যধিক ভাগৰুৱা
  • অস্পষ্টভাৱে ওজন কমি যোৱা
  • ৰজোনিবৃত্তিৰ পিছত যোনিৰ পৰা ৰক্তক্ষৰণ

ডিম্বাশয়ৰ কৰ্কট ৰোগৰ বিপদজনক কাৰক-

  • বয়সঃ ৫০ বছৰৰ পিছত ইয়াৰ আশংকা বৃদ্ধি পায়।
  • জিন পৰিৱৰ্তন: BRCA1 আৰু BRCA2 জিনৰ মিউটেচনে ডিম্বাশয়ৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।
  • পৰিয়ালৰ ইতিহাসঃ পৰিয়ালৰ কোনো লোকৰ যদি ডিম্বাশয় বা স্তন কেন্সাৰ হৈছে তেন্তে ইয়াৰ সম্ভাৱনা বেছি।
  • ঋতুস্ৰাৱৰ আগতীয়া বা পলমকৈ ৰজোনিবৃত্তি হ’লেও ইয়াৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

ডিম্বাশয়ৰ কৰ্কট ৰোগৰ সম্ভাৱনা কেনেকৈ হ্ৰাস কৰিব পাৰি?

  • ধূমপান এৰিব।
  • ওজন নিয়ন্ত্ৰণত ৰাখক।
  • যদি পৰিয়ালত এই কেন্সাৰ হৈছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।

পৰীক্ষা আৰু চিকিৎসা-
সাধাৰণতে ডিম্বাশয়ৰ কৰ্কট ৰোগ ধৰা পেলাবলৈ তেজৰ পৰীক্ষা আৰু স্কেনিং কৰা হয়। ইয়াৰ প্ৰধান চিকিৎসা হৈছে অস্ত্ৰোপচাৰ আৰু কেমোথেৰাপি। কেন্সাৰৰ পৰ্যায়, গ্ৰেড আৰু ৰোগীৰ স্বাস্থ্যৰ ওপৰত চিকিৎসা নিৰ্ভৰ কৰে।

Related Articles