ব’হাগ মাহৰ গৰম, ইটোৰ পিছত সিটো নিমন্ত্ৰণ! গৰমত চুলি মেলিবও নোৱাৰি, বান্ধিলেও ঘামত তিতে; চুলি কেনেকৈ ৰাখিব গৰমত…

গ্ৰীষ্মকালত দীঘল চুলি মেলি ৰাখিব নোৱাৰি। আকৌ গৰমত চুলি চুটিকৈ কাটিলেও বেয়া। গতিকে চুলি কেনেকৈ ৰাখিব। ব’হাগ মাহৰ গৰম, ইটোৰ পিছত সিটো নিমন্ত্ৰণ। বিয়া, ঘৰ-বাৰী, জন্মদিনৰ পাৰ্টি কি নহয়! কিন্তু এই অনুষ্ঠানবোৰলৈ যাওঁতে গ্ৰীষ্মকালত চুলিখিনিক লৈ সমস্য়াত ভুগে মানুহ। আকৌ গৰমত চুলি চুটিকৈ কাটিলেও বেয়া। গতিকে কি কৰিব! কম সময়ত সোনকালে চুলি ষ্টাইলত ৰাখিব পৰা কিছুমান উপায় জানি লওক। কেৱল ইভেণ্টতে নহয়, দৈনিক অফিচতো এনেদৰে চুলি বান্ধিব পাৰি-

অফিচ হওক বা বন্ধুৰ ঘৰত পাৰ্টি হওক – এই গ্ৰীষ্মকালত দীপিকাৰ এই ষ্টাইলটোত চুলি বান্ধিব পাৰে।

দ্বিতীয়তে এইটো ষ্টাইলটো গৰমত চুলি বান্ধিব পাৰে।

প্ৰথমে সকলো চুলি ওপৰলৈ নি এটা ধুনীয়া ৰবৰ বেণ্ডেৰে বান্ধিব। তাৰপিছত এইবাৰ ড্ৰেছৰ ৰঙৰ লগত মিল থকা স্কাৰ্ফ বাছি লওক। চুলিৰ গুৰিত স্কাৰ্ফৰ দৰে হেয়াৰ বেণ্ডেৰে মেৰিয়াই ল’ব।

Related Articles