ঘৰলৈ উভতিও পাহৰিব পৰা নাই আম্বানী পৰিয়ালৰ মৰম! অনন্ত, ৰাধিকা আৰু অৰীৰ সৈতে বেক টু বেক ফটো শ্বেয়াৰ জাষ্টিন বিবাৰৰ…

আন্তঃৰাষ্ট্ৰীয় পপ গায়ক জাষ্টিন বিবাৰে তেওঁৰ শক্তিশালী অভিনয় আৰু গীত পৰিৱেশনেৰে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ সংগীত অনুষ্ঠানত উপস্থিত থকা ৰাইজক মোহিত কৰে। সংগীত অনুষ্ঠানৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। একে সময়তে এতিয়া গায়ক গৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত ভাৰত ভ্ৰমণৰ ফটো, ভিডিঅ’ আপলোড কৰিছে।

গায়কজন ৫ জুলাইত ভাৰতলৈ আহিছিল। জাষ্টিনে তাত উপস্থিত থকা লোকসকলক তেওঁৰ অভিনয় আৰু গীতেৰে নাচিবলৈ বাধ্য কৰাইছিল। শনিবাৰে বিবাৰে ইনষ্টাগ্ৰামত ফটো আৰু ভিডিঅ’কে ধৰি মুঠ ১০টা পোষ্ট শ্বেয়াৰ কৰে, য’ত তেওঁৰ অভিনয় আৰু দৰ্শকৰ মাজত থকা উৎসাহ স্পষ্টকৈ দেখা যায়।সংগীত অনুষ্ঠানৰ সময়ত জাষ্টিন বিবাৰে আম্বানী পৰিয়াল বিশেষকৈ অনন্ত আম্বানীৰ সৈতে কিছু বিশেষ মুহূৰ্ত কটায় আৰু লগতে অনন্ত-ৰাধিকাৰ সৈতে বহু ফটো ক্লিক কৰে। এই ফটোসমূহ শ্বেয়াৰ কৰাৰ সময়ত জাষ্টিনে লিখিছে, ‘সপোনটো বাস্তৱায়িত হৈছে’।

Related Articles