Breaking

মিকিৰ বামুণী গ্ৰান্টত কৃষক মহিলাক নিৰ্যাতনৰ ঘটনা

0 2,073

নগাঁও জিলা বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণী গ্ৰান্টৰ আমদাং গাঁৱৰ ৰায়তী খতিয়ানপ্ৰাপ্ত কৃষি ভূমিৰ পৰা থলুৱা কৃষকক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে উচ্ছেদ কৰি সৌৰ শক্তি প্ৰকল্প স্থাপন কৰা আৰু বামুণী মিকিৰ গ্ৰান্টৰ মহিলা আৰু কৃষকৰ ওপৰত ২৯ ডিচেম্বৰত আৰক্ষী  আৰু চি আৰ পি এফ বাহিনীয়ে অমানুষিক  নিৰ্যাতন চলোৱাৰ বিৰুদ্ধে আজি  নগাঁৱত গৰজি উঠিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নিখিল ভাৰত কৃষক সভা আৰু অসম ৰাজ্যিক কৃষক সভা। উল্লেখ্য যে অসম চৰকাৰৰ অনুমোদন সাপেক্ষে আজু পাৱাৰ প্লেণ্ট কোম্পানীয়ে চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বঢ়মপুৰৰ সমীপৰ হায়ংথল আমদাং গাঁৱত সৌৰ শক্তিৰে উৎপাদিত বিদ্যুৎ বিতৰণৰ এক ব্যয় বহুল প্ৰকল্প নিৰ্মাণৰ কাম চলাই আহিছে। এনে কাৰ্যত অসন্তুষ্ট হৈ বামুণী মিকিৰ গ্ৰান্টৰ কৃষক সকলে ন্যায়ালয়ৰ কাষ চাপে যদিও ‌থলুৱা কৃষকৰ ভূমি বহিৰাগত কোম্পানীটোৱে বলপূৰ্বক ভাৱে দখল কৰে। থলুৱা কৃষক ৰাইজে নিজৰ মাটি কেতিয়াও এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰাত পুৰণিগুদাম পাৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে ২৯ ডিচেম্বৰত নিৰ্বিচাৰ নিৰ্যাতন চলাই মহিলা আৰু কৃষকৰ ওপৰত। যাৰ ফলত ১৬ গৰাকী মহিলা আহত হোৱাৰ উপৰিও লক্ষীৰাম মাৰ্ডি, চিকাৰী ৰংপি, ভাইটি তিমুং আৰু বুকু মাৰ্ডিক নিৰ্যাতন কৰাৰ লগতে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। এনে অমানৱীয় কাৰ্যৰ প্ৰতিবাদত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ কাৰ্যালয়ত উল্লেখিত সংগঠন কেইটাই  এক সংবাদ মেল আয়োজন কৰি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ কৃষক বিৰোধী নীতিৰ তীব্ৰ প্ৰতিবাদ জনাই। যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই কয়- আজু কোম্পানীয়ে দুখীয়া নিচলা কৃষক সকলক অত্যাচাৰ কৰি কৃষকৰ কৃষি ভূমি দখল কৰিবলৈ উঠি পৰি লাগিছে। থলুৱা কৃষক আৰু মহিলাৰ ওপৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰক্ষী বাহিনীয়ে এতিয়া ৰাং কুকুৰৰ দৰে জপিয়াই পৰিছে। আমি চৰকাৰৰ এনে অমানুষিক কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু কোনো কাৰণতে কৃষকৰ ভূমি বহিৰাগত কোম্পানীক এৰি দিয়া নহ’ব। তেওঁ লগতে কয়- অচিৰেই কৃষকৰ ওপৰত চলোৱা অমানৱীয় কাৰ্যৰ বিৰুদ্ধে আৰু কৃষকৰ ভূমি কৃষকৰ হাতত সুৰক্ষিত কৰাৰ দাবীত বিভিন্ন দল সংগঠনৰ সহযোগত ব্যাপক আন্দোলন গঢ়ি তোলা হ’ব। সংবাদ মেলত নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা সমিতিৰ সম্পাদক ৰাতুল বৰাই চৰকাৰক কঠোৰ সমালোচনা কৰি কয়- মিকিৰ বামুণী গ্ৰান্টৰ থলুৱা কৃষকৰ ভূমি পুঁজিপতি গোষ্ঠীক গটাই দিয়াৰ ষড়যন্ত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাত আছে। ন্যায়লয়ত এই কৃষক সকলৰ ঘোচৰ চলি থকাৰ পিছতো চৰকাৰে আজু কোম্পানীক কৃষকৰ ভূমি গটাই দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈ আইন ব্যৱস্থাকো ভেঙুচালি কৰিছে। এই কৃষক সকলৰ কৃষি ভূমি কোনো কাৰণতে বহিৰাগত কোম্পানীক এৰি দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰি ৰাতুল বৰাই কয়-কৃষি ভূমি ৰক্ষাৰ ক্ষেত্ৰত আমাৰ যুঁজ ন্যায়লয় আৰু ৰাজপথত সমানে চলি থাকিব। সংবাদ মেলত থলুৱা মিকিৰ বামুণী গ্ৰান্টৰ মহিলা কাৱে ইংতিপি, মাকনি মাৰ্ডি, কাচাং ক্ৰপি আৰু যমুনা ইংতিপিয়ে ২৯ ডিচেম্বৰৰ দিনা আৰক্ষীয়ে তেওঁ লোকক চলোৱা অমানৱীয় নিৰ্যাতনৰ বিষয়ে বিবৰি‌ মন্তব্য কৰে যে- আমাক আৰক্ষী প্ৰশাসনে যিমানেই নিৰ্যাতন নচলাওক কিয় আমি কোনো কাৰণতে মাটি এৰি নিদিও। আমাক মাটি লাগিবই। সেইদিনা আৰক্ষীয়ে মহিলা পুলিচ নিনিয়াকৈ তেওঁলোকৰ ওপৰত নিৰ্যাতন চলাইছিল। চৰ, গোৰ, লাঠিৰে আৰু বুকুত গচকি ধৰি অত্যাচাৰ চলাইছিল। তেওঁলোকৰ অত্যাচাৰৰ পৰা গৰ্ভৱতী মহিলাও সাৰি  যোৱা নাছিল। সংবাদ মেলত অসম ৰাজ্যিক কৃষক সভাৰ অমৰেন্দ্ৰ শৰ্মা, ছবিৰ আহমেদ আদিয়ে অংশগ্ৰহণ কৰে। পৰৱৰ্তী কাৰ্যপন্থা গ্ৰহণ কৰিবৰ বাবে ৫ জানুৱাৰীত নাগৰিক সভা অনুষ্ঠিত কৰা হ’ব বুলি সংগঠন কেইটাই জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.