Breaking

নগদ ধন, সুৰা আৰু সোণ! কৰ্ণাটক নিৰ্বাচনৰ পূৰ্বে ৭০ কোটি টকা সামগ্ৰী জব্দ…

0 86

নগদ ধন, সুৰা আৰু সোণ! কৰ্ণাটক নিৰ্বাচনৰ পূৰ্বে বিতৰণৰ বাবে অনা হৈছিল ৭০ কোটি টকাৰ বস্তু। আদৰ্শ আচৰণ বিধি বলবৎ হোৱাৰ পাছৰে পৰা নির্বাচন আয়োগে নগদ ধন, সুৰা আৰু অন্যান্য সামগ্রী কমেও ৬৯.৩৬ কোটি টকা জব্দ কৰিবলৈ সক্ষম হৈছে৷ কৰ্ণাটকত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত সকলো দল। নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছত ৰাজ্য খনত আৰম্ভ হৈছে বস্তু বিতৰণৰ কাৰ্য। আনহাতে, বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৪.৪৫ কোটি টকাৰ নগদ ধন জব্দ কৰা হৈছে। নিৰ্বাচন আয়োগে জনোৱা মতে, ২০২৩ চনৰ ২৯ মাৰ্চৰ পৰা আদৰ্শ আচৰণ বিধি বলবৎ হোৱাৰ পিছৰে পৰা ভোট গ্ৰহণ মুখী ৰাজ্য কৰ্ণাটকত কমেও ৬৯.৩৬ কোটি টকা নগদ ধন, সুৰা আৰু অন্যান্য সামগ্ৰী জব্দ কৰিছে।

কৰ্ণাটকৰ কোদাগু জিলাৰ এজন বিষয়াই বুধবাৰে কুশলনগৰৰ পৰা প্ৰায় ৩.৬ লাখ টকা নগদ ধন জব্দ কৰে। এক খবৰ অনুসৰি এই নগদ ধন কোপ্পাৰ পৰা কুশলনগৰ অভিমুখে এখন বাহনত লৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে সন্দেহৰ ভিত্তিত জব্দ কৰে। আনহাতে, একেদিনাই বেংগালুৰুত এখন ভাড়াতীয়া ট্ৰাকৰ পৰা ৭ লাখ টকাৰ বিনামূলীয়া সামগ্ৰী আৰু উপহাৰ জব্দ কৰে আৰক্ষীয়ে। কোৱা হৈছে যে বিনামূলীয়া সামগ্ৰীৰ ভিতৰত দামী হাতঘড়ী, দেৱাল ঘড়ী, টেবুল ঘড়ী, মানিবেগ, হেণ্ডবেগ আদি বহু সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছিল।

ইয়াৰ পিছতে আৰক্ষীয়ে গাড়ীৰ চালকজনক সোধা-পোছাৰ বাবে থানালৈ লৈ যায়, তাৰ পিছত দেখা গ’ল যে চালকজনৰ হাতত কঢ়িয়াই নিয়া সামগ্ৰীৰ কোনো নথি-পত্ৰ নাই। এই বিষয়ত আৰক্ষীয়ে হাই গ্ৰাউণ্ড থানাত এজাহাৰ পঞ্জীয়ন কৰিছে। অহা মাহৰ ১০ মে’ত কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.