Online Trading Scam in Assam: অসমত অনলাইন ট্ৰেডিং কেলেংকাৰীৰ ৪১টা গোচৰৰ তদন্ত আৰম্ভ কৰিলে চিবিআইয়ে

গুৱাহাটী, ১৮ অক্টোবৰঃ সমগ্ৰ অসমকে জোকাৰি যোৱা কেইবা হেজাৰ কোটিটকীয়া অনলাইন ট্ৰেডিং কেলেংকাৰী(Online Trading Scam in Assam)ৰ ৪১ টা গোচৰৰ তদন্ত আৰম্ভ কৰিলে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে । অনলাইন ট্ৰেডিং কেলেংকাৰীৰ মুঠ ৪১টা গোচৰ চিবিআইলৈ হস্তান্তৰ কৰা হৈছিল । জানিব পৰা মতে এই তদন্তত প্ৰথমে দীপাংকৰ বৰ্মনৰ গোচৰটোৰ বিষয়ত গুৰুত্ব দিয়া হ’ব । এই প্ৰৱঞ্চনামূলক কাৰ্যকলাপৰ সৈতে জড়িত ভুক্তভোগীক তদন্ত প্ৰক্ৰিয়াৰ অংশ হিচাপে চিবিআইৰ কাৰ্যালয়লৈ মাতি অনাও হৈছে ।

ইফালে অনলাইন ট্ৰেডিং কেলেংকাৰীৰ সৈতে জড়িত অভিনেত্ৰী চুমি বৰাক জেৰা কৰিবলৈ চিবিআইৰ তিনিজনীয়া এটা দলে ডিব্ৰুগড়লৈ ৰাওনা হৈছে বুলি জানিব পৰা গৈছে । চুমি বৰাৰ ভাতৃ আৰু স্বামীকে ধৰি বহুসংখ্যক সন্দেহযুক্ত লোককো চিবিআইয়ে জেৰা কৰাৰ সম্ভাৱনা আছে ।

চিবিআইয়ে বৰ্তমান এই কেলেংকাৰীৰ গোচৰ নং ০৩৫২/২০২৪ তদাৰক কৰি আছে, যাৰ অধীনত এই ব্যক্তিসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে । এই তদন্ত দিল্লী বিশেষআৰক্ষী প্ৰতিষ্ঠা আইন, ১৯৪৬ অনুসৰি চলোৱা হব বুলিও জানিব পৰা গৈছে । চিবিআইয়ে ভাৰতীয় দণ্ডবিধিৰ (IPC), ২০২৩ চনৰ ভাৰতীয় ন্যায় সংহিতা (BNS), আৰু অনিয়ন্ত্ৰিত জমা আঁচনি নিষিদ্ধকৰণ আইন, ২০১৯ৰ বিভিন্ন ধাৰাত অনিয়ন্ত্ৰিত জমা আৰু বৃহৎ পৰিসৰৰ জালিয়াতিপূৰ্ণ লেনদেনৰ সৈতে জড়িত অপৰাধৰ তদন্ত কৰি আহিছে ।

৪১টা গোচৰৰ ভিতৰত তদন্তৰ অধীনত উল্লেখযোগ্য গোচৰ কেইটা হল-

১. প্ৰাসংগিক এফআইআৰসমূহ (আৰ্থিক কেলেংকাৰি আৰু জমা আঁচনি উলংঘা):

  • পল্টন বজাৰ থানা – এফআইআৰ নং ০২৮৮/২০২৪
  • ডিব্ৰুগড় থানা – এফ আই আৰ নং ০৩৫২/২০২৪
  • শিলচৰ থানা – এফআইআৰ নং ০৭৮৯/২০২৪

২. অনিয়ন্ত্ৰিত জমা আঁচনি নিষিদ্ধকৰণ সংক্রান্তীয় এফআইআৰসমূহ:

  • পল্টন বজাৰ থানা – এফ আই আৰ নং ০০২৮/২০২৪
  • বিজনী থানা – এফ আই আৰ নং ০০৭৪/২০২৪
  • মুছলপুৰ থানা – এফ আই আৰ নং ০১০২/২০২৪
  • হাইলাকান্দি থানা – এফ আই আৰ নং ০২০১/২০২৪
  • তামাৰহাট থানা – এফ আই আৰ নং ০০৫৫/২০২৪
  • কৰিমগঞ্জ থানা – এফ আই আৰ নং ০৫৩৪/২০২৪
  • শিৱসাগৰ থানা – এফ আই আৰ নং ০১১৩/২০২৪
  • দলগাঁও থানা – এফ আই আৰ নং ০১৮৪/২০২৪
  • ধুবুৰী থানা – এফ আই আৰ নং ০৩১০/২০২৪
  • চি আই ডি চাইবাৰ থানা – এফ আই আৰ নং ০০১২/২০২৪
  • দলগাঁও থানা – এফ আই আৰ নং ০১৮২/২০২৪
  • ৰঙাপাৰা থানা – এফ আই আৰ নং ০০৬৬/২০২৪
  • দলগাঁও থানা – এফ আই আৰ নং ০১৮৫/২০২৪
  • মিছামাৰী থানা – এফ আই আৰ নং ০০৯০/২০২৪
  • পুলিবৰ থানা – এফ আই আৰ নং ০০৯২/২০২৪
  • তামাৰহাট থানা – এফ আই আৰ নং ০০৬৮/২০২৪
  • মিছামাৰী থানা – এফ আই আৰ নং ০০৮৯/২০২৪
  • দলগাঁও থানা – এফ আই আৰ নং ০১৮৬/২০২৪
  • চাৰিদুৱাৰ থানা – এফ আই আৰ নং ০১৪৬/২০২৪
  • কাজলগাঁও থানা – এফ আই আৰ নং ০০৮৭/২০২৪
  • দলগাঁও থানা – এফ আই আৰ নং ০১৮৩/২০২৪
  • হোজাই থানা – এফ আই আৰ নং ০২৬০/২০২৪
  • গৌৰীপুৰ থানা – এফ আই আৰ নং ০২৬৮/২০২৪
  • গোলকগঞ্জ থানা – এফ আই আৰ নং ০২০১/২০২৪
  • গোলকগঞ্জ থানা – এফ আই আৰ নং ০২০৩/২০২৪
  • কৰিমগঞ্জ থানা – এফ আই আৰ নং ০৫৪৩/২০২৪
  • দিছপুৰ থানা – এফ আই আৰ নং ০৯৩৪/২০২৪
  • তেজপুৰ থানা – এফ আই আৰ নং ০৫২৭/২০২৪
  • ৰূপহীহাট থানা – এফ আই আৰ নং ০২৫০/২০২৪
  • দিছপুৰ থানা – এফ আই আৰ নং ৮৪৯/২০২৪

৩. ভাৰতীয় ন্যায় সংহিতা (বিএনএছ) ২০২৩ অনুসৰি এফ আই আৰসমূহ:

  • পল্টন বজাৰ থানা – এফ আই আৰ নং ০২৮৮/২০২৪
  • ডিব্ৰুগড় থানা – এফ আই আৰ নং ০৩৫৪/২০২৪
  • ডিব্ৰুগড় থানা – এফ আই আৰ নং ০৩৫২/২০২৪
  • তেজপুৰ থানা – এফ আই আৰ নং ০৫৩৩/২০২৪
  • নগাঁও থানা – এফ আই আৰ নং ০৮৫৯/২০২৪
  • আজাৰা থানা – এফ আই আৰ নং ১৮৪/২০২৪
  • গীতা নগৰ থানা – এফ আই আৰ নং ০১৭৪/২০২৪
  • মুছলপুৰ থানা – এফ আই আৰ নং ০১০২/২০২৪
  • শিৱসাগৰ থানা – এফ আই আৰ নং ০১১৩/২০২৪
  • ৰঙাপাৰা থানা – এফ আই আৰ নং ০০৬৬/২০২৪
  • মিছামাৰী থানা – এফ আই আৰ নং ০০৯০/২০২৪
  • মিছামাৰী থানা – এফ আই আৰ নং ০০৮৯/২০২৪
  • চাৰিদুৱাৰ থানা – এফ আই আৰ নং ০১৪৬/২০২৪
  • কাজলগাঁও থানা – এফ আই আৰ নং ০০৮৭/২০২৪
  • হোজাই থানা – এফ আই আৰ নং ০২৬০/২০২৪
  • গোলকগঞ্জ থানা – এফ আই আৰ নং ০২০১/২০২৪
  • গোলকগঞ্জ থানা – এফ আই আৰ নং ০২০৩/২০২৪
  • তেজপুৰ থানা – এফ আই আৰ নং ০৫২৭/২০২৪
  • ৰূপহীহাট থানা – এফ আই আৰ নং ০২৫০/২০২৪

৪. ভাৰতীয় দণ্ডবিধি (আই পি চি), ১৮৬০ অনুসৰি এফ আই আৰসমূহ:

  • ভঙাগড় থানা – এফ আই আৰ নং ১৩০ /২০২৪
  • শিলচৰ থানা – এফ আই আৰ নং ০৭৮৯/২০২৪
  • দেৰগাঁও থানা – এফ আই আৰ নং ০১৪০/২০২৪
  • বিজনী থানা – এফ আই আৰ নং ০০৭৪/২০২৪
  • হাইলাকান্দি থানা – এফ আই আৰ নং ০২০১/২০২৪
  • তামাৰহাট থানা – এফ আই আৰ নং ০১৪০/২০২৪
  • কৰিমগঞ্জ থানা – এফ আই আৰ নং ০৫৩৪/২০২৪
  • দলগাঁও থানা – এফ আই আৰ নং ০১৮৪/২০২৪
  • ধুবুৰী থানা – এফ আই আৰ নং ০৩১০/২০২৪
  • পুলিবৰ থানা – এফ আই আৰ নং ০০৯২/২০২৪
  • তামাৰহাট থানা – এফ আই আৰ নং ০০৬৮/২০২৪
  • দলগাঁও থানা – এফ আই আৰ নং ০১৮৬/২০২৪
  • গৌৰীপুৰ থানা – এফ আই আৰ নং ০২৬৮/২০২৪
  • গোলকগঞ্জ থানা – এফ আই আৰ নং ০২০১/২০২৪
  • কৰিমগঞ্জ থানা – এফ আই আৰ নং ০৫৪৩/২০২৪
  • দিছপুৰ থানা – এফ আই আৰ নং ০৯৩৪/২০২৪
  • দিছপুৰ থানা – এফ আই আৰ নং ৮৪৯/২০২৪

তাৰোপৰি তথ্য প্ৰযুক্তি (IT) আইন, ২০০০ ৰ সৈতে জড়িত এফ আই আৰসমূহৰ ভিতৰত আছে-

চি আই ডি চাইবাৰ থানা-এফ আই আৰ নং ০০১২/২০২৪,৬  – আদি ।

Related Articles