Breaking

ব্যতিক্ৰমী প্ৰচেষ্টাৰে ব্ৰহ্মপুত্ৰ আঞ্চলিক ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰ উদ্যোগত ৰঙালী বিহুৰ উদযাপন…

0 229

ব্ৰহ্মপুত্ৰ আঞ্চলিক ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰ উদ্যোগত পুৰণিমাটি সমাজ কল্যান যুৱ সংঘৰ সৌজন্যত অহা ২৩ ব’হাগ ,(7 মে’ ,শনিবাৰ) এদিনীয়া কাৰ্যসূচীৰে সপ্তম বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰিছে ।দেৰগাঁৱৰ প্ৰায় ৮৫ খন গাঁৱৰ এটা বৃহৎ অঞ্চল হ’ল ব্ৰহ্মপুত্ৰ অঞ্চল ।এই অঞ্চলৰ ল’ৰা ছোৱালী সকলক ক্ৰীড়া আৰু সাংস্কৃতিক ভাৱে আগুৱাই নিয়াৰ স্বাৰ্থত বিভিন্ন কাৰ্য্যসূচী লৈ আহিছে সংস্থাটোৱে ।

উদযাপন কৰিবলৈ লোৱা সপ্তম বাৰ্ষিক ৰঙালী বিহুত ব্ৰহ্মপুত্ৰ নাচনী হিচাপে এটা সুকীয়া অনুষ্ঠান প্ৰতি বছৰে লৈ আছে ।। এই বিহুখন এইবাবেই সুকীয়া যে প্ৰতি বছৰে নিৰ্দিষ্ট এটা স্থানত উদযাপন নকৰি অঞ্চলটোৰ বিভিন্ন স্থানত উদযাপন কৰে ব্ৰহ্মপুত্ৰ আঞ্চলিক ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাই ।

ভ্ৰাম্যমাণ এই বিহুখনে অঞ্চলটোৰ গাওঁবাসীক একত্ৰিত কৰি অহাৰ লগতে প্ৰতিখন গাঁৱৰ প্ৰতিভা বিকাশৰ এখন মঞ্চ প্ৰদান কৰি আহিছে ।

Leave A Reply

Your email address will not be published.