চলাপথাৰত পোষণ মাহ উদযাপন

লাকুৱা চলাপথাৰ অংকুৰ নাট্যমন্দিৰত যোৱা ২৭ ছেপ্তেম্বৰত ৰাষ্ট্ৰীয় পোষণ মাহ দিনযোৰা কাৰ্যসুচীৰে উদযাপন কৰা হয়৷ লাকুৱা সংহত শিশু প্ৰকল্পৰ সৌজন্যত আৰু চলাপথাৰ সমূহ অংগণবাড়ী কৰ্মীৰ সহযোগত উদযাপন কৰা পোষণ মাহৰ লগত সংগতি থলুৱা শাক- পাচলি সংগ্ৰহ কৰি সেই সমূহ প্ৰদৰ্শন কৰা হয়৷ পুৱাই মুখ্য সেৱীকা মিতালী বৰাই বৃক্ষ ৰোপন কৰাৰ পাছতে এক শোভাযাত্ৰা উলিওৱা হয়৷শোভাযাত্ৰাত থলুৱা খাদ্য সামগ্ৰী প্ৰদৰ্শন কৰাৰ লগতে পোষণ মেলা আয়োজন কৰে৷ ইয়াৰ পিছতে পোষন অভিযানৰ লগত সংগতি ৰাখি চলা গাঁও পঞ্চায়তৰ সভাপতি অনিমা গগৈৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সজাগতা সভাত পৰিসংখ্যা সহায়ক বীৰেণ চেতিয়া ,খণ্ড সমন্বয়ক উৎপল ফুকন ,চিত্ৰাংগনা  সন্দিকৈ, সমাজসেৱিকা ৰেখা বৰগোহাঁই, সমাজকৰ্মী ত্ৰৈলক্য গগৈ, জিলা পৰিষদৰ সদস্যা মুনুুুুমনি ৰাজকুমাৰী, সমাজকৰ্মী কিৰিতি গগৈ উপস্থিত থাকে৷

Related Articles