Breaking

মিচিং বানে কেবাঙৰ শতবাৰ্ষিকী উদযাপনঃ দুশ মিটাৰ দীৰ্ঘ মৃৰং ঘৰৰ লাইখুঁটা স্থাপন…

0 63

মিচিং জনজাতিসকলৰ আটাইতকৈ পুৰণি জাতীয় সংগঠন তথা একমাত্ৰ শতবৰ্ষ গৰকা সংগঠন মিচিং বাঃনৗ কৗবাঙৰ শতবৰ্ষ অনুষ্ঠান তথা প্ৰতিষ্ঠা দিৱস এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আজি গোগামুখত মিচিং বাঃনৗ কৗবাঙৰ উদ্যোগত আৰু মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে, টি এম এম কে, মিচিং আগম কৗবাং, মিচিং দৃৰ্‌বৃ কৗবাং আদি সংগঠনসমূহৰ সহযোগত  অনুষ্ঠিত যায়৷ ধেমাজি জিলাৰ গোগামুখৰ নাহৰবাৰী পঞ্চায়তস্থিত সোৱণশিৰি নৈৰ পাৰৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ৰৗগৃঃ ৰৗগাম ক্ষেত্ৰত অনুষ্ঠিত হোৱা শতবৰ্ষ তথা প্ৰতিষ্ঠা দিৱসত লোকেলোকাৰণ্য হৈ পৰাৰ লগতে গুমৰাগ নৃত্য আৰু অই নিঃতমে সমগ্ৰ ৰৗগৃঃ-ৰৗগাম ক্ষেত্ৰ জীপাল কৰি তোলে৷ শতবৰ্ষ অনুষ্ঠানৰ পুৱা ৮ বজাত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়।

শতবৰ্ষ সমাৰোহ তথা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখন বৃহৎ আকাৰৰ মৃৰং ঘৰৰ লাইখুঁটাও স্থাপন কৰা হয়৷ প্ৰায় দুশ মিটাৰ দীঘলকৈ নিৰ্মাণ কৰিবলগা উক্ত  মৃৰং ঘৰৰ লাইখুঁটা স্থাপন কৰে মিচিং বানে কেবাঙৰ সভাপতি পৰমানন্দ চায়েঙ্গীয়াই৷ লাইখুঁটা স্থাপন কৰি তেওঁ মৃৰং ঘৰৰ বিষয়ে কয় যে, মৃৰং ঘৰখনত  মিচিংসকলৰ প্ৰতিটো গোত্ৰ বা অপেঃ কেবাঙৰ সহযোগিতাত নিৰ্মাণ কৰা হ’ব৷ প্ৰতিটো অপেঃ কৗবাঙৰ নামত একোটাকৈ  খূঁটা থাকিব আৰু প্ৰতিটো অপেঃ কৗবাঙে একো একোটা খূঁটা নিৰ্মাণ কৰিবলৈ  ৫০ হাজাৰকৈ টকা মিচিং বাঃনৗ কৗবাঙক দিব লাগিব৷ বাকী মৃৰং ঘৰ নিৰ্মাণৰ বাবে যিমান টকা প্ৰয়োজন হ’ব উক্ত টকা মিচিং জাতীয় দল-সগঠনবোৰৰ দান-বৰঙনিৰে নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলিও তেওঁ দোহাৰে ৷ তেওঁ লগতে কয়-  ৰৗগৃঃ ৰৗগামত মুঠ চাৰিশ বিঘা ভূমি আছে৷ গোগামুখ ৰাজহ চক্ৰৰ নাহৰবাৰী পঞ্চায়তৰ অন্তৰ্গত নাহৰবাৰী, এদূত গাঁও আৰু লখিমপুৰ জিলাৰ কদম  ৰাজহ চক্ৰৰ অন্তৰ্গত ভীমপৰা পঞ্চায়তৰ  মে’ৰ গাঁৱৰ ৰাইজে উক্ত বিশাল ভূমি প্ৰদান কৰিছে৷ ৰেগি-ৰেগাম ক্ষেত্ৰত  বৃহৎ মৃৰং ঘৰ নিৰ্মাণ কৰাৰ উপৰিও মিচিং জাতীয় পূঁথিভৰাল, পৰম্পৰাগত আদৰ্শ মিচিং গাঁও,  কেন্দ্ৰীয় মিচিং লোক সংস্কৃতিক অধ্যয়ন আৰু প্ৰশিক্ষণ কেন্দ্ৰ,  সমন্বিত আদৰ্শ মীন পাম,  মিচিং জাতীয় প্ৰেক্ষাগৃহ, প্ৰাকৃতিক পক্ষী উদ্যান, শিশু আৰু ৰাজহুৱা উদ্যান, মিচিং জাতীয় জীৱনৰ লগত নিবিড়ভাৱে সম্পৰ্ক থকা  ঔষধি  গুণ সম্পন্ন  বনৰীয়া উদ্ভিদ উদ্যান, বিভিন্ন থলুৱা ফল-মূলৰ গছৰ উদ্যান আৰু অৰ্কিড উদ্যান স্থাপন কৰা বুলি কেবাঙৰ সভাপতি চায়েঙ্গীয়া জানিবলৈ দিয়ে৷

সৰ্বতোপৰি  ৰেগি ৰেগাম ক্ষেত্ৰখন মিচিং জাতীয় প্ৰকল্প হিচাপে পৰবৰ্তী সময়ত ৰূপান্তৰিত কৰা হ’ব বুলিও  তেওঁ দোহাৰে ৷ লাইখূঁটা স্থাপন অনুষ্ঠানৰ  পাছতে ৰাজহুৱা গছপুলি ৰোপন কাৰ্যসূচী সমাপন কৰা হয়৷ পুৱা ১১ বজাত মিচিং বাঃনৗ কৗবাঙৰ কেন্দ্ৰীয় সভাপতি পৰমানন্দ চায়েঙ্গীয়াৰ সভাপতিত্বত মুকলিসভা অনুষ্ঠিত হয়৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ মুখ্য অতিথিৰ ভাষণত তেওঁ কয়- মিচিং বাঃনৗ কৗবাঙে হৈছে মিচিং জাতিৰ সামাজিক, বৌদ্ধিক, সাংস্কৃতিক, অৰ্থনৈতিক ক্ষেত্ৰখন আগুৱাই নিয়াৰ লগতে সমগ্ৰ জাতিটোক একত্ৰিত কৰা প্ৰথম মিচিং জাতীয় সংগঠন৷ এই অনুষ্ঠানে এইবছৰ শতবৰ্ষ পাৰ কৰিলে৷ উপলক্ষে মিচিং বাঃনৗ কৗবাং, আৰু মিচিং ৰাইজক তেওঁ শুভেচ্ছা জ্ঞাপন কৰে৷ ৰেগি-ৰেগাম ক্ষেত্ৰ সন্দৰ্ভত তেওঁ লগতে কয়,  ৰৗগৃঃ-ৰৗগাম চৌপাশ অতি দৃষ্টিনন্দন আৰু ইযাত মিচিং জাতীয় প্ৰকল্প এখন গঢ়ি তুলিলে সমগ্ৰ অঞ্চলটোৱে নান্দনিকাৰে ভৰি পৰিব ৷ তেওঁ লগতে কয়- মিচিং বাঃনৗ কৗবাঙৰ প্ৰতিষ্ঠা দিৱস আৰু শতবৰ্ষ সমাৰোহত অংশগ্ৰহণ কৰি তেওঁ সুখী হোৱা বুলি মন্তব্য দিয়াৰ লগতে এই জাতীয় প্ৰকল্পটোলৈ চৰকাৰৰ পৰা যিমান পাৰি ইমান পূঁজি আবন্টন দিবলৈ প্ৰয়াস চলাব৷ উপযুক্ত পৰিকল্পনা আৰু পৰিচালনাই এটি বৃহৎ প্ৰকল্প নিৰ্মাণ বা আটকধুনীয়া কৰি তোলাত সহায় কৰে বুলিও তেওঁ দোহাৰে৷ 

সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে আদী বাঃনৗ কৗবাঙৰ সভাপতি কালৃং বৰাঙে৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূবন পেগু,  মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, উপাধ্যক্ষ যজ্ঞেেশ্বৰ কুটুম, মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয় সভাপতি হৰিনাৰায়ণ পেগু, সচিব সোমেশ্বৰ কাপ্তাক, মিচিং দৃৰবৃ কৗবাঙৰ কেন্দ্ৰীয় সভাপতি অশ্বিনী কুমাৰ দলে, সম্পাদক প্ৰশান্ত কুমাৰ বড়ি, টি এম পি কেৰ সভাপতি তিলক দলে, সম্পাদক চান কুমাৰ পাংগিং, টি এম এম কেৰ কেন্দ্ৰীয় সম্পাদিকা শৰ্মিলা পায়েং পেগু আদিয়ে৷ মুকলি সভাৰ আঁঁত ধৰে  মিচিং বাঃনৗ কৗবাঙৰ কেন্দ্ৰীয় সচিব ইন্দ্ৰ কুমাৰ চুংক্ৰাঙে৷ শতবাৰ্ষিকী অনুষ্ঠানৰ  মুকলি সভাৰ অন্তত নিশালৈ সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হয়৷১৯২৪ চনত মিচিং বানে কেবাঙৰ জন্ম হৈছিল৷ প্ৰথমগৰাকী সভাপতি আছিল জনদৰদী, ধাৰ্মিক, দিক্‌দৰ্শী পুৰুষ,  মাজুলীৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰদেৱ গোস্বামী৷ মিচিং বানে কেবাঙেই হৈছে মিচিং জনগোষ্ঠীটোক সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, শৈক্ষিক ক্ষেত্ৰত গতিশীলতা প্ৰদান কৰাৰ লগতে ৰাজনৈতিক সচেনতা বৃদ্ধি কৰা প্ৰথমটো মিচিং জাতীয় সংগঠন৷

Leave A Reply

Your email address will not be published.