Breaking

মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ অভ্যৰ্থনা সমিতি গঠন…

0 132

ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ মধ্যস্থল ভেবেলীত ১৯৭৮ চনত স্থাপিত হোৱা মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চাৰিটা বৰ্ষৰ পাছতে গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী বৰ্ষত ভৰি দিব। তাৰ প্ৰাক ক্ষণত বিদ্যালয়খনৰ প্ৰচাৰ আৰু প্ৰসাৰ তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ একত্ৰিকৰণ কৰি ইতিবাচক বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ আয়োজন কৰাৰ সন্দৰ্ভত আজি মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা গোসাঁইবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিনন্দ চাংমাইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আহ্বায়ক অমৃত দাসে। সমাৰোহ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত কেইবাজনো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে ধনাত্মক মন্তব্য আগবঢ়োৱাৰ লগতে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিৰেণ বৰুৱাই সমাৰোহ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত যোগাত্মক বিশ্লেষণ আগবঢ়ায়।

উক্ত সমাৰোহখনি নবেম্বৰ মাহৰ ২৩ আৰু ২৪ তাৰিখে মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ পোষকতা কৰে ৰাজহুৱা সভাই। সমাৰোহখনিৰ লগত সংগতি ৰাখি মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মূল তোৰণখন শিক্ষক শুভাকাংশী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ দান বৰঙণিৰে স্থায়ীভাৱে নিৰ্মাণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। উক্ত সভাত সমাৰোহৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, স্মৃতি গ্ৰন্থ প্ৰকাশ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডা০ ৰনোজ পেগুক অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে সভাই সৰ্ব সন্মতি মৰ্মে সমৰ্থন কৰে আৰু সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্য উপদেষ্টা হিচাপে সোনোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱাল, ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালী, ধেমাজি জিলা শিক্ষা বিষ‌য়া বিতুপন হাজৰিকা,

মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিৰেণ বৰুৱা, কাৰ্যকৰী সভাপতি হিচাপে মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ৰাজনৈতিক বিষয় শিক্ষক গোপাল সোনোৱাল, উপ-সভাপতি বিনন্দ চাংমাই, কাশীনাথ সোনোৱাল,মনোজ কুমাৰ দাস, গোবিন্দ বনিয়া, মুখ্য সম্পাদক অমৃত দাস, যুটীয়া সম্পাদক পংকজ বড়া, কল্পজিৎ সোনোৱাল, সহ: সম্পাদক অনন্ত বৰা , ভদ্ৰেশ্বৰ সোনোৱাল,উৎপল দাস, কোষাধ্যক্ষ ক্ষীৰোদ সোনোৱালৰ লগতে কেইবাখনো উপ-সমিতি গঠন কৰি এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়। উক্ত সভাত বিদ্যালয়ৰ সংস্কৃত বিষয়ৰ শিক্ষক ইন্দ্ৰেশ্বৰ শইকীয়া, শিক্ষক জিতেন বৰা, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেবেন্দ্ৰ দাস, প্ৰাক্তন ছাত্ৰ তথা অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক লোচন দাসৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক অভিভাভিকা উপস্থিত থাকে। অনুষ্ঠানটো সৰ্বতোপ্ৰকাৰে সাফল্য মণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰিছে অভ্যৰ্থনা সমিতিয়ে।

Leave A Reply

Your email address will not be published.