Breaking

গোসাইগাঁৱত অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন…

0 65

বি টি আৰত বসবাস কৰা অৱড়ো লোকৰ জাতি ,মাটি ,ভাষা ,সংস্কৃতিৰ লগতে জীৱনৰ নিৰাপত্তা স্বাৰ্থত ২০ ১১ চনত ১১ নৱেম্বৰত অৱড়ো সমিতিৰ জন্ম হৈছিল ৷আজি সংগঠনটোৰ অৱড়ো সুৰক্ষা সমিতিৰ গোসাইগাঁও জিলা সমিতিৰ উদ্যোগত গোসাইগাঁওৰ হাব্ৰবিলস্থিত ৰাজহুৱা ভৱনত দিনযোৰা কাৰ্যসূচীৰে সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰাতিপূৱা অৱড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ললিত হেম্ব্ৰমে পতাকা উওোলন কৰে ৷

তাৰ পিছত বন্তি প্ৰজ্বলন ,শ্বহীদ তৰ্পন ,প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয় ৷বিয়লি দুই বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয় ৷মুকলি সভাত সংগঠনটোৰ মুখ্য উপদেষ্টা ব্ৰজেন মহন্তই কয় যে অসমত বিজেপি নেতৃত্বতাধীন মিত্ৰজোঁটৰ চৰকাৰ অহাৰ পিছৰ পৰাই বিটি আৰত শান্তিৰ বাতাবৰণ আহিছে আৰু এই চৰকৰে অবড়ো সুৰক্ষা সমিতিৰ আন্দোলনত শ্বহীদ হোৱা ১৯ টা পৰিয়ালক পাঁচ লাখকৈ টকা প্ৰদান কৰিছে দ্বিতীয় তালিকাত ১২ টা পৰিয়ালক পাঁচ লাখকৈ দিয়াৰ প্ৰক্ৰিয়া চলাই আছে চৰকাৰে ৷

বি টি আৰ ইউ পি এল আৰু ৰাজ্য চৰকাৰে অবড়ো সুৰক্ষা সমিতিৰ দাবী সমূহৰ প্ৰতি গুৰুত্ব দিছে বুলিও সদৰী কৰে ৷অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মাধৱ ৰাজবংশী উপস্থিত থাকি কয় যে যি দলে অবড়ো সুৰক্ষা সমিতিৰ দাবী দাবা সমূহৰ প্ৰতি গুৰুত্ব দিব তাৰ ওপৰত ভিওি কৰি ২০ ২৪ ৰ লোকসভা নিৰ্বাচনত ভূমিকা গ্ৰহণ কৰিব বুলি জানিব দিয়ে ৷

গোসাইগাঁওৰ পৰা আজিজুল হকৰ ৰিপৰ্ট

Leave A Reply

Your email address will not be published.