Breaking

চাই বিকাশ বিদ্যা নিকেটনৰ বিশ্ব পৰিবেশ দিৱস উদযাপন…

0 349

বিশ্ব পৰিবেশ দিৱস উপলক্ষে গুৱাহাটীৰ চাই বিকাশ বিদ্যা নিকেটনে গছপুলি ৰোপণৰ লগতে মূকাভিনয়ৰে এক সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰে। এই কাৰ্য্যসূচী অনুযায়ী বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে গুৱাহাটীৰ ISBT ৰ চৌহদত “গছ থাকিলেহে মানুহ থাকিব” শীৰ্ষক এক মূকাভিনয় পৰিবেশন কৰে।

এই মূকাভিনয় পৰিবেশনে ৰাইজৰ শলাগ লাভ কৰিবলৈ সক্ষম হয়। এই অনুষ্ঠানত ISBT, গুৱাহাটীৰ Divisional Superintendent Monishi Nahar Deka, বিদ্যালয়খনৰ পৰিচালন সঞ্চালক শ্ৰী নিবাস ৰেদ্দী, একাডেমিক ডীন ড° মনোজ কুমাৰ চৌধুৰীৰ লগতে বিদ্যালয় খনৰ শিক্ষক শিক্ষয়ত্ৰী সকল উপস্থিত থাকে। এই সজাগতামূলক অনুষ্ঠানৰ অন্তত ISBT চৌহদত গছপুলি ৰোপণ কৰা হয়।

Leave A Reply

Your email address will not be published.