Champions Trophy Winner: তৃতীয়বাৰলৈ চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জনেৰে ইতিহাস ৰচনা টীম ইণ্ডিয়াৰ

নিউজীলেণ্ডক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফী দখল টীম ইণ্ডিয়াৰ। ১২ বছৰৰ মূৰত চেম্পিয়নছ ট্ৰফী দখল ভাৰতৰ।(Champions Trophy Winner)তৃতীয়বাৰলৈ চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন কৰি ইতিহাস ৰচনা কৰিলে টীম ইণ্ডিয়াই। নিউজীলেণ্ডৰ বিৰুদ্ধে ৪ উইকেটত জয়ী টীম ইণ্ডিয়া।আনন্দত আত্মহাৰা ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মা আৰু বিৰাট কোহলি।

দেওবাৰে (৯ মাৰ্চ) ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয় আই চি চি চেম্পিয়নছ ট্ৰফীৰ ফাইনেল মেচ। টছত জয়লাভ কৰি নিউজিলেণ্ডে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ ৫০ অভাৰত ৭ উইকেটত ২৫১ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ৪৯ অভাৰত ৬টা উইকেট হেৰুৱাই ২৫৪ ৰান সংগ্ৰহ কৰি মেচখনৰ লগতে ট্ৰফীও জয় কৰে।


এই জয় ভাৰতৰ বাবে অতি বিশেষ, কাৰণ ভাৰতে তৃতীয়বাৰৰ বাবে চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰিছে। ইয়াৰ পূৰ্বে ২০০২ চনত সৌৰভ গাংগুলীৰ অধিনায়কত্বত ভাৰতে যৌথ চেম্পিয়ন হৈছিল, যেতিয়া ভাৰতে শ্ৰীলংকাৰ সৈতে ট্ৰফী ভাগ কৰিবলগীয়া হৈছিল। ইয়াৰ পিছত ২০১৩ চনত মহেন্দ্ৰ সিং ধোনিৰ অধিনায়কত্বত দলটোৱে এই খিতাপ দখল কৰিছিল, আৰু এতিয়া এই কৃতিত্ব ৰোহিত শৰ্মাৰ অধিনায়কত্বত অৰ্জন কৰা হৈছে। চেম্পিয়নছ ট্ৰফী জয় কৰা ভাৰতৰ তৃতীয়জন অধিনায়ক হিচাপে পৰিগণিত হৈছে ৰোহিত শৰ্মা।

তিনিবাৰকৈ আই চি চি চেম্পিয়নছ ট্ৰফী জয় কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয় ভাৰত। এতিয়ালৈকে কোনো দলেই এই কৃতিত্ব অৰ্জন কৰিব পৰা নাছিল। গাংগুলী, ধোনী আৰু ৰোহিতৰ অধিনায়কত্বত এই জয়ী হৈ ভাৰতে ইতিহাস ৰচনা কৰিছিল।

চেম্পিয়নছ ট্ৰফী লাভ কৰা দেশসমূহ-

ভাৰত – ২০০২ (যৌথ বিজয়ী), ২০১৩, ২০২৫
অষ্ট্ৰেলিয়া- ২০০৬, ২০০৯
নিউজিলেণ্ড – ২০০২ চন
পাকিস্তান – ২০১৭
দক্ষিণ আফ্ৰিকা – ১৯৯৮ চন
শ্ৰীলংকা- ২০০২ (যৌথ বিজয়ী)
ৱেষ্ট ইণ্ডিজ – ২০০৪ চন

আইচিচি ট্ৰফীত ভাৰতৰ আধিপত্য-

ভাৰতৰ এয়া সপ্তমটো আই চি চি ট্ৰফী জয়। ইয়াৰ পূৰ্বে ভাৰতে ১৯৮৩ চনত এদিনীয়া বিশ্বকাপ, ২০০২ চনত চেম্পিয়নছ ট্ৰফী, ২০০৭ চনত টি-২০ বিশ্বকাপ, ২০১১ চনত এদিনীয়া বিশ্বকাপ, ২০১৩ চনত আইচিচি চেম্পিয়নছ ট্ৰফী আৰু ২০২৪ চনত টি-২০ বিশ্বকাপ জয় কৰিছিল। ৰোহিত শৰ্মাৰ অধিনায়কত্বত শেষবাৰৰ বাবে ৱেষ্ট ইণ্ডিজত টি-২০ বিশ্বকাপ জয়ী হোৱা টিম ইণ্ডিয়াই বাৰ্বাডোছত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছিল। এতিয়া ৰোহিতৰ অধিনায়কত্বত এয়া দ্বিতীয়টো আই চি চি খিতাপ।

Related Articles