Breaking

ইউ পি এছ চি ২০২৫ৰ বাবে ছুপাৰ-২০ বেচ্চ ঘোষণা চাণক্য আই এ এছ একাডেমীৰ…

0 16

ইউ পি এছ চি ২০২৫ৰ বাবে ছুপাৰ-২০ বেচ্চ ঘোষণা চাণক্য আই এ এছ একাডেমীৰ

ইউ পি এছ চি ২০২৫ৰ বাবে প্ৰিমিয়াম বেচ্চ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে চাণক্য আই এ এছ একাডেমীৰ গুৱাহাটী কেন্দ্ৰই। ইউ পি এছ চি ২০২৫ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে একাডেমীখনে ছুপাৰ-২০ নামেৰে এক বিশেষ বেচ মুকলি কৰিছে। উল্লেখ্য যে, এই ছুপাৰ-২০ বেচত শিক্ষক-শিক্ষাৰ্থীৰ অনুপাত হ’ব ১:২০, যিয়ে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে ব্যক্তিগত নিৰ্দেশনা নিশ্চিত কৰি তুলিব। ৮ মহীয়া এই পাঠ্যক্ৰমত ছাত্ৰ-ছাত্ৰীসকলে ইউ পি এছ চি পৰীক্ষাৰ তিনিওটা পৰ্যায় অৰ্থাৎ প্ৰিলিমছ, মেইনছ আৰু সাক্ষাৎকাৰৰ বাবে বিস্তৃত প্ৰশিক্ষণ আৰু নিৰ্দেশনা লাভ কৰিব। এই গোটত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলে হাইব্ৰিড পাঠ্যক্ৰমৰ সুবিধা লাভ কৰিব য’ত অফলাইন, অনলাইন আৰু ৰেকৰ্ডিং ক্লাছ অন্তৰ্ভুক্ত কৰা হৈছে।


ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে ২৪ ঘণ্টাই খোলা থকা আৰু সম্পূৰ্ণৰূপে সুসজ্জিত পুথিভঁৰালৰ সুবিধাও লাভ কৰিব। তদুপৰি নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলে চাণক্য আই এ এছ একাডেমীৰ পূৰ্বৰ সফল প্ৰাৰ্থীৰ পৰা একচেটিয়া নিৰ্দেশনা লাভ কৰিব, য’ত মূল পৰীক্ষাত উত্তৰ লিখাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব। ছুপাৰ ২০ পাঠ্যক্ৰমৰ সাৰাংশ দাঙি ধৰি উত্তৰ-পূৱ ভাৰতৰ চাণক্য আই এ এছ একাডেমীৰ পৰিচালন সহযোগী কুৰংগ নয়নী চেতিয়াই কয় যে ইউ পি এছ চি ২০২৫ৰ বাবে ছুপাৰ ২০ বেচ্চ হৈছে প্ৰথম প্ৰয়াসতে পৰীক্ষাত সাফল্য অৰ্জন কৰিব বিচৰা

ছাত্ৰ-ছাত্ৰীৰ এটি কেন্দ্ৰীভূত গোট! নামভৰ্তি কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীক ব্যক্তিগতভাৱে সকলো ধৰণে পথ নিৰ্দেশনা প্ৰদান কৰা হ’ব। লগতে, ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাৰ স্থিতিশীল, বৰ্তমান আৰু ব্যক্তিত্বৰ দিশৰ ওপৰতো নিৰ্দেশনা প্ৰদান কৰা হ’ব ! চাণক্য আই এ এছ একাডেমীয়ে ঘোষণা কৰা মতে, ২০২৪ চনৰ ২০ আগষ্টৰ পৰা এই ২০ জনীয়া বিশেষ গোট আৰম্ভ হ’ব। এই গোটত আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে গুৱাহাটী কেন্দ্ৰৰ চাণক্য আই এ এছ একাডেমীত অনুষ্ঠিত হ’বলগীয়া অৰ্হতা পৰীক্ষাত যোগ্যতা অৰ্জন কৰিব লাগিব।
সবিশেষ জানিবলৈ ছাত্ৰ-ছাত্ৰীসকলে ৬০০১৮০৮৩০৬ নম্বৰত যোগাযোগ কৰিব পাৰে।

Leave A Reply