Breaking

নতুন মোডী মন্ত্ৰীসভাত ৰে’ল মন্ত্ৰণালয়, বিত্ত মন্ত্ৰণালয়ৰ ওপৰত চকু চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ…

0 39

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত এতিয়া চৰকাৰ গঠনৰ প্ৰস্তুতি আৰম্ভ হৈছে। নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (এন ডি এ)ত বৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰা জনতা দল ইউনাইটেড (জে ডি ইউ) আৰু তেলেগু দেশম পাৰ্টি (টিডিপি) এতিয়া গুৰুত্বপূৰ্ণ মন্ত্ৰালয় আৰু বিশেষ দাবী ৰাখিছে। নীতিশ কুমাৰৰ জেডিইউয়ে নিজৰ বাবে কমেও ৩টা মন্ত্ৰালয় বিচাৰিব পাৰে বুলি খবৰ ওলাইছে। নাইডুৱে অন্ধ্ৰ প্ৰদেশৰ বাবেও বিশেষ মৰ্যাদা দাবী কৰিব পাৰে বুলি খবৰ ওলাইছে।

জে ডি ইউয়ে ৰে’ল, গ্ৰামোন্নয়ন মন্ত্ৰালয় আৰু জল শক্তিৰ ওপৰত চকু ৰাখিছে। ইয়াৰ উপৰিও পৰিবহণ আৰু কৃষি মন্ত্ৰালয়ো দলৰ তালিকাত আছে।
আনহাতে জেডিইউয়ে এজন উচ্চ জাতি, এজন অন্য পিছপৰা শ্ৰেণী (অবিচি) কুশৱাহা আৰু এজন অতি পিছপৰা শ্ৰেণীৰ (ইবিচি) নেতাক মন্ত্ৰী হিচাপে নিযুক্তি দিব পাৰে।
এই দৌৰত জেডিইউৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা মুংগেৰৰ সাংসদ লালন সিং, ঝাংঝাৰপুৰৰ সাংসদ ৰামপ্ৰীত মণ্ডল আৰু বাল্মীকি নগৰৰ সাংসদ সুনীল কুমাৰ।


আনহাতে টিডিপিৰ আটাইতকৈ ডাঙৰ দাবী হ’ব পাৰে অন্ধ্ৰ প্ৰদেশৰ বাবে বিশেষ মৰ্যাদা। অন্ধ্ৰ প্ৰদেশৰ পৰা তেলেংগানা পৃথক হোৱাৰ পিছৰে পৰা এই দাবীয়ে গতি লাভ কৰি আহিছে। নাইডু আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডী দুয়োজনে কেইবাটাও বিশেষ মৰ্যাদা প্ৰদানৰ দাবী জনাইছে। খবৰ অনুসৰি টিডিপি আৰু জেডিইও নিজৰ বাবে লোকসভাৰ অধ্যক্ষ পদৰ দাবী কৰিব পাৰে।

আনহতে বিজেপিৰ সমস্যা বৃদ্ধি কৰি বিহাৰৰ চিৰাগ পাছৱানৰ এলজেপি, জিতনৰাম মাঝিৰ হাম, উত্তৰ প্ৰদেশৰ আপনা দল, মহাৰাষ্ট্ৰৰ একনাথ শিন্দে নেতৃত্বাধীন শিৱসেনাই নিজৰ প্ৰাপ্য লাভৰ বাবে উঠিপৰি লাগিছে।

Leave A Reply

Your email address will not be published.