উজনি বাৰ্মাৰ (ম্যানমাৰ) ইৰাৱতী আৰু চেলুইন নদীৰ মাজত অৱস্থিত এখন টাই ৰাজ্য মুং-ৰি-মুং-ৰাম।(Chaolung Sukaphaa) ৰাজ্যখনৰ কিছুমানলোকে ইৰাৱতী নৈ পাৰ হৈ মুং-মিত নামৰ এখন নতুন ৰাজ্য গঠন কৰে। ৰজাৰ নাম আছিল চাও-খুন-খাম- খেন-ফা। এই ৰাজ্যখনৰ সীমা বহল আন এখন নতুন দেশৰ জন্ম হয় মাও- লুং নামেৰে। এই ৰাজ্যৰ ৰজা তাই-পং।
মাও-লুঙৰ চুবুৰীয়া ৰাজ্যৰ নাম মুং-মিত।ৰজাৰ নাম চাও ফু- চাং-খাং অথবা চাও চাং- নেউ। তাই-পঙৰ কন্যা নাং- মুং- ব্লক খাম ছেং অথবা নাং- মুঙক বিয়া দিয়া হৈছিল চাং- নেউলৈ।
(২)
নাং- মুং ৰূপৱতীৰ লগতে সকলো কামতে পাকৈত। স্বামী শাসন কাৰ্য, দেশৰ উন্নয়নমূলক কামত ব্যস্ত থকাৰ বাবে সন্তান সম্ভৱা নাং মুং পিতৃৰ ৰাজ্য মাও- লুঙৰ ৰাজধানী চেংচেলৈ গুচি আহে। মাকৰ বৰ মৰমৰ আছিল নাং মুং। তেওঁৰ জীয়েকে এটি সুন্দৰ স্বাস্থ্যবান পুত্ৰ সন্তান জন্ম দিয়াৰ বাবে সৰগৰ দেৱতা লেংডনক ( ইন্দ্ৰ) পূজা কৰিছিল।
১১৮৯ খৃষ্টাব্দত নাং মুঙে এটি সুন্দৰ সুঠাম পুত্ৰ সন্তানৰ জন্ম দিয়ে। ৰজাৰ পুত্ৰ যুৱৰাজ পামেউপুঙৰ পুত্ৰ সন্তান নাছিল। আছিল চাৰিগৰাকী ছোৱালী। সেয়ে পামেউপুঙৰ পিছত এই নৱজাতকেই ৰজা হ’ব বুলি সকলোৱে আনন্দ পালে। ৰাজলক্ষণযুক্ত নাতিক পাই ৰজা – ৰাণী, এনায়েক( আইতা) আৰু প্ৰজাগণ সুখী হ’ল।
নাম ৰাখিলে চুকাফা। অৰ্থ হ’ল- বাঘৰ দৰে সাহসী বংশ আৰু গৃহত জন্ম বাবে ‘চ্যু’ , পিতৃ বংশৰ কঠীয়া মাওলুঙলৈ অনাৰ বাবে ‘কা’ আৰু ল’ৰাটো বহু আকাংক্ষিত স্বৰ্গৰ দান বাবে ‘ফা’। তিনিও শব্দ মিলাই ‘ চুকাফা’ । তেওঁৰ জন্মৰ কিছুদিনৰ পিছতে জ্বৰত ভুগি মাতৃ নাং মুঙৰ মৃত্যু হয়। এনায়েকৰ হাতত লালিত পালিত হ’ল চুকাফা।
(৩)
চুকাফাক সকলো ধৰণৰ শিক্ষা দিয়া হ’ল। বুৰঞ্জী, ৰাজনীতি, আইন, যুদ্ধ বিদ্যা, ধৰ্ম, সমাজনীতি, অৰ্থনীতি, যুক্তি তৰ্ক, কৃষি কৰ্ম সকলোতে বুৎপত্তি অৰ্জন কৰিলে। পুত্ৰ সন্তানহীন মোমায়েক পামেউপুঙে তেওঁৰ পিছত চুকাফাই ৰজা হ’ব বুলি কথা দিছিল। ৰজাৰ সকলো নীতি- নিয়মো শিকালে।
কিন্তু বুঢ়া বয়সত মোমায়েক এটা পুত্ৰ সন্তানৰ পিতৃ হ’ল। ৰাণী নাংফাই জন্ম দিয়ে এটি ল’ৰা সন্তান। চুকাফাৰ মনত দুখ হ’ল যে মোমায়েকৰ পুত্ৰ সন্তানৰ জন্ম হ’ল যেতিয়া তেওঁ ৰজা হ’ব নোৱাৰিব। মোমায়েকৰ সিদ্ধান্ত এতিয়া সলনি হৈ যাব। এই সন্তানৰ নাম চুখানফা। পিছলৈ পামেউপুং আৰু এটা পুত্ৰ সন্তানৰ পিতৃ হয়। নাম চামলুংফা।
কিন্তু চুখানফাই অধিক গুৰুত্ব পালে। তেওঁৰ জন্মৰ পিছত চুকাফাৰো গুৰুত্ব নোহোৱা হৈ পৰিল। দূৰদৰ্শী, স্বাধীনমনা চুকাফাই চুখানফাৰ পৰা বলপূৰ্বক সিংহাসন কাঢ়ি নিজে ৰজা হোৱাৰ কথা নাভাবি পিতৃ ৰাজ্যলৈ যোৱাৰ কথা ভাবিলে।
মোমায়েকৰ মৃত্যুৰ পিছত নাবালক চুখানফাক ৰজা নাপাতি সৰু ৰাণী খাম লুঙক অস্থায়ী ভাৱে ৰজা পাতে। উপযুক্ত হৈয়ো চুকাফাক ৰাজনীতি কৰি ৰজা হোৱাৰ পৰা বঞ্চিত কৰা হৈছিল।
(৫)
চুকাফাই শেষত পিতৃ ৰাজ্য মুংমিতলৈ ঘূৰি আহিল। বৃদ্ধ পিতৃ চাও ফু ছাংখাই তিনিজন পুত্ৰৰ মাজত ৰাজ্যখন তিনিটা ভাগ কৰি গটাই দিলে। মূল ৰাজ্য মুংমিতৰ ৰজা হ’ল চুকাফা। ইপিনে মাও লুঙৰ ৰজা হৈ অহংকাৰী চুখানফাই ভায়েক চামলুংফাক দিগ্বিজয় কৰিবলৈ পঠিয়ায়। তেওঁ ভালেমান ৰাজ্য জয় কৰিলে।
ভাতৃৰ এই সফল দিগ্বিজয়ৰ কথা শুনি ভয় খালে চুখানফাই। এদিন তেওঁক ক্ষমতাচ্যুত কৰি নিজেই ৰজা হোৱাৰ আশংকা কৰিলে। সেয়ে দিগ্বিজয়ৰ পৰা ঘৰলৈ ঘূৰি অহাৰ পথত বিশ্বাসঘাটকতা কৰি চুখানফাই ভায়েকক বধ কৰাই চিন্তামুক্ত হৈছিল।
ইয়াৰ পিছত তেওঁ চুকাফাৰ তিনি ভাতৃৰ ৰাজ্যলৈ চকু দিলে। চুখানফাই তিনিওকে নিজৰ অধীন কৰাৰ ইচ্ছাৰে বাৰ্তা পঠিয়ালে। চুকাফা হতভম্ব হ’ল। এখন দেশ স্বাধীন ভাৱে চলাই থকাৰ পাছত কিয় আনৰ পৰাধীন হ’ব। তেওঁৰ প্ৰস্তাৱ কোনেও গ্ৰহণ নকৰাত ক্ষুব্ধ হয় চুখানফা। তেওঁ ইয়াৰ প্ৰতিশোধ লোৱাৰ বাবে চুকাফাৰ ডাঙৰ ককায়েক ছুজাতফাৰ টাইপং ৰাজ্য আক্ৰমণ কৰি দখল কৰে আৰু ছুজাতফাক নিৰ্বাসন দিলে। মোমায়েকৰ পুত্ৰৰ এই কাৰ্যত মনত বহুত দুখ পালে চুকাফাই।
সকলোৰে লগত মিলি সুখ- শান্তিৰে দেশ শাসন কৰাৰ সপোন থানবান কৰিলে চুখানফাই। কিন্তু চুকাফাই নিজৰ বংশৰ মাজতে যুদ্ধ কৰাৰ ইচ্ছা নকৰিলে। ইপিনে চুকাফাক বশ্যতা স্বীকাৰ কৰিবলৈ চুখানফাই দি থকা বাৰ্তা বাৰে বাৰে প্ৰত্যাখ্যান কৰাত আক্ৰমণৰ হুংকাৰ দিলে। তথাপি চুকাফাই নীৰৱ হৈ ৰ’ল।
চুখানফা মাওলুঙৰ ৰজা হোৱাত যিমান সুখী হৈছিল, এতিয়া তেওঁৰ পিতৃ ৰাজ্য অধিকাৰ কৰি তেওঁক বহতীয়া কৰিবলৈ ওলোৱাৰ প্ৰচণ্ড মানসিক আঘাত পায় চুকাফাই এখন নতুন ৰাজ্যৰ সন্ধানত তাৰ পৰু আঁতৰি যোৱাৰ সিদ্ধান্ত ল’লে। অশান্তিৰ মাজত থকাটো নিবিচাৰি প্ৰজাগণক লৈ এখন নতুন দেশ পাতি তাত শান্তিৰে থকাৰ ইচ্ছা কৰি এদিন পিতৃ ৰাজ্য ত্যাগ কৰিলে চুকাফাই।
(৬)
নতুন ৰাজ্যৰ সন্ধানত চুকাফাৰ লগত ওলাল তিনিগৰাকী ৰাণী। মন্ত্ৰী, বিষয়া, ৰাজ পৰিয়াল, সেনা বাহিনী, ৯০০০ প্ৰজা, ৩০০০ ঘোঁৰা, হাতী, চোমদেউৰ মূৰ্তি। অস্ত্ৰ- সস্ত্ৰ আদি। পশ্চিম দিশলৈ এক দীঘলীয়া যাত্ৰা। পৰ্বত, পাহাৰ, হাবি- জংঘল, নৈ, বিল পাৰ হৈ আহি আহি পাটকাই পৰ্বত পাইছিল।
ইপিনে চুখানফাই চুকাফাৰ নতুন দেশৰ সন্ধানত যোৱা বুলি জানি ভালেই পালে। চুকাফাক বন্দী কৰি বশ কৰিব নোৱাৰিলেও এই অভিযানৰ প্ৰতি সমৰ্থন দি বিভিন্ন হয় বস্তু উপহাৰ দিলে আৰু কিছু সৈন্যই পাটকাই পৰ্বতলৈ আগবঢ়াই থৈ গ’ল।
বাটত যিমানবোৰ লোক আৰু সৰু সৰু ৰাজ্য পাইছিল, কাকো শত্ৰুতা নকৰি বন্ধুত্ব গঢ়ি আগবাঢ়িছিল।
মাজে মাজে কিছুমান সমতল ভূমিত খেতি খোলা কৰি কিছু দিন জিৰণি লৈ পুনৰ আগবাঢ়ি এদিন চেৰাই দয় নামৰ ঠাইখনত উপস্থিত হৈছিল। সৰু পাহাৰৰ টিলাত উঠি সন্মুখৰ সেউজীয়া সমতল ভূমি দেখি কৈছিল – মুং দুন চুন খাম। অৰ্থাৎ এইখনেই সোণালী শস্যৰে ভৰি থকা দেশ।
১২ বছৰ কাল অহাৰ পিছত এই চেৰাই দয়তে চুকাফাই স্থায়ীভাৱে ৰাজধানী পাতে। পিছলৈ এই চেৰাই দয় চৰাইদেউ হয়গৈ। চেৰাই ডয়ৰ অৰ্থ – পাহাৰৰ জিলিকা নগৰ। তেওঁক এই ৰাজ্য স্থাপনত সহায় কৰে বাটত পোৱা গাওঁবোৰ বশ্যতা স্বীকাৰ কৰা জনজাতীয় সৰু ৰজাবোৰে। স্থানীয় লোকসকলে সৰগৰ পৰা নামি অহা বুলি ভাৱি তেওঁক স্বৰ্গদেউ বুলিছিল।
চুকাফাক এই লোকসকলে দেৱতা ঈশ্বৰ ‘আহাম’ বা ‘ আহাম- বায়’ বুলি ভবাৰ বাবে এই শব্দৰ পৰাই আহম বা আহোম শব্দৰ উৎপত্তি হয়। শ্যাম দেশৰ মানুহ বাবে আচাম বুলি কৈছিল আৰু এই শব্দৰ পৰাই ‘ আসাম’ বা ‘অসম’ হয়। ১২২৮ৰ পৰা ১২৬৮ খৃষ্টাব্দলৈ সম্পূৰ্ণ ৪০ বছৰ ৰাজত্ব কৰা চুকাফাৰ মৃত্যু হয়। সম্পূৰ্ণ ৰাজকীয় মৰ্যাদাৰে চৰাইদেউত চুকাফাক সমাধিস্থ কৰা হৈছিল।
যুগললোচন দাস (Jugallochan Das)