চাপৰ শিক্ষা খণ্ডৰ গেৰাভিটা কেলেষ্টাৰৰ শিক্ষকসকলক মুখ্যমন্ত্ৰীৰ বিহুৰ ওলগ, ফুলাম গামোচা, মানপত্ৰ প্ৰদান।(Chapar News)
মুখ্যমন্ত্ৰীয়ে বিহুৰ উপহাৰ দিবলগীয়া ব্যক্তি বিশেষৰ তালিকাত দেশৰ প্ৰখ্যাত ৰাজনৈতিক নেতাৰ পৰা মন্ত্ৰী বিধায়কলৈ, সাংবাদিকৰ পৰা শিল্পী – সাহিত্যিক লৈ, দলীয় কৰ্মীৰ পৰা সাধাৰণ লোকলৈ বিভিন্নজন ব্যক্তি অন্তৰ্ভুক্ত হৈছে বুলি জানিব পৰা গৈছে।
বিশেষ কৈ এইবাৰৰ বিহুত শিক্ষক শিক্ষয়িত্ৰীসকল লৈ গামোচাৰ লগতে মুখ্যমন্ত্ৰীয়ে নিজৰ স্বাক্ষৰযুক্ত এখন শুভেচ্ছা পত্ৰ উপহাৰ দিয়ে।
মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা আগন্তুক ৰঙালী বিহুৰ গামোচা আৰু মানপত্ৰ উপহাৰ হিচাপে গ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মাক শিক্ষকসকলে ধন্যবাদ জ্ঞাপন কৰে।