সুদীৰ্ঘ ১৫-১৬ বছৰে পানী এটুপীও পোৱা নাই কৃষকে। ১৯৮৬-৮৭ চনতে ৰহাৰ চাপৰমুখৰ ধলিজানত স্থাপন কৰা হৈছিল ব্ৰাজ পদ্ধতিৰ এই বৃহৎ জলসিঞ্চন আঁচনিখন। কপিলী নদীৰ পৰা পানী তুলি যোগান ধৰা হৈছিল ধলিজান, কচুৱা, বামুণীজান, লাউফুলাবড়ী, দীঘলীআটি আদি গাঁৱৰ কৃষি পথাৰত। প্ৰথম অৱস্থাত আঁচনিখন সুচলভাৱে চলিছিল আৰু বৃহত্তৰ অঞ্চলটোৰ ৰাইজে খাৰিফ আৰু ৰবি শস্য কৰি যথেষ্ঠ উপকৃত হৈছিল। কিন্তু কেইটামান বছৰ সঠিকভাৱে চলাৰ পিছতে কিছু যন্ত্ৰপাতি বিকল হোৱাৰ অজুহাততে সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিল আঁচনিখন। বিভাগীয় কৰ্তৃপক্ষ কিম্বা চৰকাৰে বিকল যন্ত্ৰপাতি মেৰামতি নকৰি দীৰ্ঘ দিন পেলাই থোৱাত এতিয়া সকলো যন্ত্ৰপাতিয়ে নষ্ট হৈ গ’ল। কেইবাখনো ব্ৰাজনাও পানী তলত পৰি আছে। পাম্পহাউচত এতিয়া নাই একো সা- সৰঞ্জাম ,হাবি জংঘলেৰে আৱৰি ধৰি সাপ, বেঙৰ বাসস্হান, ভুত বাংলাত পৰিনত হৈছে ।
স্হানীয় লোকৰ অভিযোগ মতে কপিলীৰ বুকুত থকা ব্ৰাজ কেইখন ফুটা ওলোৱাৰ অজুহাতত একাংশ কৰ্মচাৰীয়ে হৰলুকি কৰি পানী উত্তোলন বৈদ্যুতিক পাম্প , অনান্য ,সা- সৰঞ্জাম হৰলুকি কৰে ।ক্ৰমে ক্ৰমে জৰাজীৰ্ণ হবলৈ ধৰা আঁচনিখন এতিয়া এখন হাবিতলী হৈ পৰিছে।কপিলীৰ পানীৰ তলত বোকাত পোত গৈ আছে দুখন ব্ৰাজ ।পাৰত কংকালসাৰ হৈ আঁচনি খনৰ অস্তিত্ব জাহিৰ কৰি এতিয়াও জংঘলত পৰি আছে দুখন ব্ৰাজৰ কেইটুকুৰামান মান লোহাৰটুকুৰা । আঁচনি খন নাই কিন্তু তাহানিতে থকা এটা জলসিঞ্চনৰ কোৱাটাৰত আজিও আছে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী । পকী দীঘলীয়া নলাত এতিয়া পানীৰ সলনি ঠাড হাবিয়নী ।
স্হানীয় লোকে দুখ প্ৰকাশ কৰে এখন বহু কোটি টকীয়া জলসিঞ্চন আঁচনিৰ বিসম পৰিণতি দৃশ্য প্ৰত্যক্ষ কৰি । বিগত চৰকাৰসমূহৰ বিফলতাৰ বাবেই আঁচনি থাকিও কৃষক ৰাইজ উপকৃত নহ’ল। ভালুকৰ সাঙিত পৰিণত হৈছে জলসিঞ্চন আঁচনিখন। মানুহৰ মাটি অধিগ্ৰহণ কৰি খন্দা ড্ৰেইনত এতিয়া হাবি জংঘলেৰে ভৰি পৰিছে। ইপিনে এইবাৰ খৰাঙৰ কৱলত পৰিছে কৃষক আৰু পানীৰ অভাৱত বহুতে শালিধানৰ খেতি কৰিব পৰা নাই। আঁচনিখন সচল কৰিলে কৃষক ৰাইজ উপকৃত হ’লহেঁতেন। কিন্তু লক্ষণীয়ভাৱে এই আঁচনিখনৰ বিপৰীতে নিয়োজিত হৈ আছে কেইবাজনো চৰকাৰী কৰ্মচাৰী। ওপৰতে দি থকা হৈছে চৰকাৰী দৰমহা, সা সুবিধা। সেয়ে কোটি টকীয়া আঁচনিখন কাৰ্যক্ষম কৰি জলসিঞ্চন ব্যৱস্থা সচল কৰিবলৈ স্থানীয় কৃষক ৰাইজে জলসিঞ্চন মন্ত্ৰী তথা চৰকাৰক দাবী জনাইছে।