Breaking

ঐতিহাসিক ক্ষণ, চৰাইদেউ মৈদামে লাভ কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি…

0 33

আজি অসমৰ বাবে এক স্মৰণীয় দিন৷ বহু প্ৰত্যাশাৰ অন্ত ঘটাই ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰিলে চৰাইদেউ মৈদামে৷ ইতিহাসৰ পাতত আজিৰ দিনটো এক উল্লেখযোগ্য দিন হিচাপে বিবেচিত হৈ ৰ’ব৷ চৰাইদেউৰ মৈদাম হৈছে অসমৰ তাই-আহোম জনগোষ্ঠীৰ গভীৰ আধ্যাত্মিক বিশ্বাস, চহকী ঐতিহ্য আৰু স্থাপত্য-ভাস্কৰ্যৰ অপূৰ্ব নিদৰ্শন৷

আজিৰ এই প্ৰাপ্তিৰ লগে লগে কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ পাছত অসমৰ প্ৰেক্ষাপটত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হ’ল৷ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হ’ল চৰাইদেউ মৈদাম৷ভাৰতৰ ৪৩সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ’ল আমাৰ চৰাইদেউ মৈদাম৷

Leave A Reply

Your email address will not be published.