Chemania Bhaona Competition:বিৰিণাশায়েক লায়েট ভৰলুৱা বৰনামঘৰত চেমনীয়া ভাওনা প্ৰতিযোগিতা

তিতাবৰ, 27 মাৰ্চ: তিতাবৰ সমষ্টিৰ অন্তৰ্গত বিৰিণাশায়েক গাঁও পঞ্চায়ত এলেকাৰ লায়েট ভৰলুৱা গাঁও বৰনামঘৰত ২৫ মাৰ্চৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক চেমনীয়া ভাওনা প্ৰতিযোগিতা(Chemania Bhaona Competition) কালি আনুষ্ঠানিকভাবে উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া (সত্ৰাধিকাৰ) ড৹ বাবুল চন্দ্ৰ দাসে।(Birinashayek Light Bharlua Barnamghar)

বৰপেটা সত্ৰৰ সত্ৰাধিকাৰৰ সংগী সকলৰ লগতে অনুষ্ঠানত শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ(Sri Sri Kamalabari Satra) বুঢ়াভকত সোণাৰাম শৰ্মা, তিতাবৰ প্ৰেছ ক্লাবৰ(Tittabor Press Club) সভাপতি বিমান শইকীয়া, বিশিষ্ট উদ্যোগপতি অৰূপ দত্ত, প্ৰাক্তন আছু নেতা ৰাজেন কটকী, যাদব মহন্ত, দিলীপ মহন্ত প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ উপৰি অগণন ভকত বৈষ্ণৱৰ উপস্থিতিত ডায়েটৰ প্ৰবক্তা তথা সমাজকৰ্মী নেত্ৰ গগৈয়ে আঁতধৰা অনুষ্ঠানত বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ ড৹ বাবুল চন্দ্ৰ দাসে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ সৃষ্ট ভাওনাৰ ঐতিহ্য পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত মাতৃভাষাৰ ভাওনাৰ লগতে ব্ৰজাৱলী ভাষাৰ নাট ভাওনাও ভাওনা সমাৰোহৰ লগত সংলগ্ন কৰিবলৈ উদ্যোক্তা সকলক আহ্বান জনায়।

নামঘৰ পৰিচালনা সমিতিৰ সভাপতি নৰেণ দত্ত, সম্পাদক পলাশ দত্ত, উদযাপন সমিতিৰ অন্যতম উপদেষ্টা ৰাতুল দত্ত, সভাপতি অনিল দত্ত আৰু প্ৰধান সম্পাদক পৰাগজ্যোতি দত্ত, প্ৰমুখ্যে উদযাপন সমিতিৰ বিষয়ববীয়াসকল আৰু ৰাইজৰ আন্তৰিক আধ্যাত্মিক সহযোগত অনুষ্ঠিত অনুষ্ঠানত শিক্ষাবিদ সমাজকৰ্মী নেত্ৰ গগৈৰ সম্পাদনাত প্ৰকাশিত স্মৃতি গ্ৰন্থ ‘আৰিয়া’ উন্মোচন কৰে নাজিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা স্থানীয় সমাজকৰ্মী ঋতুৰাজ কোঁৱৰে। প্ৰথম দিনৰ পুৱাৰ ভাগত উষা কীৰ্ত্তনৰ পিছত বন্তি প্ৰজ্বলন আৰু ধৰ্ম ধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ মুখ্য উপদেষ্টা প্ৰকাশ শইকীয়াই।

আৰু উদযাপন সমিতিৰ সভাপতি অনিল দত্তই। অঞ্চলটোৰ সমূহ নামঘৰৰ পতাকা উত্তোলন কৰে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সকলে। চন্দ্ৰ দত্তই স্মৃতি তৰ্পন কৰাৰ পিছতে ভাওনাৰ নাম প্ৰসঙ্গ কৰে ঠকৰিয়াল সত্ৰৰ যদুমণি মহন্তই।সান্ধ্য প্ৰসঙ্গ কৰে দুলাল মহন্তইআৰু বন্তি প্ৰজ্বলন কৰে নামঘৰীয়া কনপাই হাজৰিকাই।

প্ৰদৰ্শনীমূলক ভাওনা পাঞ্চজন্য শিল্পী সমাজ(Panchajanya Shilpi Samaj), বিৰিণাশায়েকৰ নাট শ্ৰীৰাম চন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা আৰু দ্বিতীয় দৰ্শনীৰ ভাওনা সমন্বয় শিশু শিল্পী সমাজ,  গোলাঘাট সৰুপথাৰৰ নাট সীতা হৰণ বালী বধ উদ্বোধন কৰে শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ বুঢ়াভকত সোণাৰাম শৰ্মাই। আজিৰ দিনৰ ভাগত অনুষ্ঠিত দিহানাম প্ৰতিযোগিতা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক জিতেন গগৈয়ে।

 প্ৰথম দৰ্শনীৰ ভাওনা যোৰহাটৰ অভিনন্দন সাংস্কৃতিক গোষ্ঠীৰ ধ্ৰুব চৰিত্ৰ উদ্বোধন কৰে শিক্ষক প্ৰদীপ কুৰ্মীয়ে আৰু দ্বিতীয় দৰ্শনীৰ ভাওনা গোলাঘাটৰ ত্ৰিমূৰ্তি সাংস্কৃতিক গোষ্ঠীৰ সিন্ধুমুণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ নাট ভাওনাৰ মঞ্চ উদ্বোধন কৰে তিতাবৰ প্ৰাগজ্যোতিকাৰ সঞ্চালক অচ্যুতদ্বীপ শইকীয়াই।প্ৰতিদিনে দুখনকৈ ভাওনা প্ৰদৰ্শন কৰিছে।

বিৰিণাশায়েক অঞ্চলটোৰ ৰাইজৰ মাজত উখল মাখল লাগিছে।সহস্ৰাধিক দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হৈছে লায়েট ভৰলুৱা বৰনামঘৰত। উদযাপন সমিতিৰ কৰ্মকৰ্তা সকলে, স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকা সকলে অপ্ৰাণ চেষ্টা কৰিছে সুনাম অক্ষুন্ন ৰাখি সফলতাৰে ভাওনা সমাৰোহ সম্পন্ন কৰিবলৈ।ভাওনাৰ লগতে দিনৰ ভাগত অনুষ্ঠিত প্ৰতিভা বিকাশৰ প্ৰতিযোগিতাই ৰাইজৰ মন পুলকিত কৰিছে।

Related Articles