Chennai Air Show Tragedy: চেন্নাইৰ মেৰিনা বিচত শোকাৱহ দুৰ্ঘটনা; চাৰিজনৰ মৃত্যু, ২৩০ জন আহত

নেশ্যনেল ডেস্ক, ৬ অক্টোবৰ: তামিলনাডুৰ চেন্নাইৰ মেৰিনা বিচত প্ৰদৰ্শিত এয়াৰ শ্ব’ত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা(Chennai Air Show Tragedy)। এয়াৰ শ্ব’ চাবলৈ অহা দৰ্শকৰ মাজত হোৱা হুলস্থুলৰ ফলত চাৰিজনকৈ লোকৰ মৃত্যু ঘটে। তাৰোপৰি এই দুৰ্ঘটনাটোত প্ৰায় ২৩০ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে(Tragedy at Chennai Marina Beach)। স্থানীয় প্ৰশাসনে নিহত কেইজনক শ্ৰীনিবাসন, কাৰ্তিকেয়ান, জন বাবু আৰু দিনেশ বুলি চিনাক্ত কৰিছে।

দেওবাৰে ভাৰতীয় বায়ুসেনাই(Indian Air Force) আয়োজন কৰা মেগা এয়াৰ শ্ব’ চাবলৈ মেৰিনা বিচত ভিৰ কৰিছিল লাখ লাখ দৰ্শকে(Air Show in Tamil Nadu)। অনুষ্ঠানটো উপভোগ কৰি উভতাৰ পথত অত্যাধিক ভিৰৰ বাবে দৰ্শকসকলৰ মাজত এক বিশৃংখল পৰিবেশৰ সৃষ্টি হয়। এই অভাৱনীয় পৰিস্থিতিত দৰ্শকসকলৰ মাজৰ চাৰিজন লোক নিহত হয়। তাৰোপৰি বহুসংখ্যক দৰ্শক আহত হয়। অতিমাত্ৰা ভিৰ আৰু অৱস হৈ পৰাৰ বাবে বহু লোক অসুস্থ হৈ পৰিল। ধাৰণা কৰা অনুসৰি, প্ৰায় ১০ লাখ লোকে এই এয়াৰ শ্ব’ৰ অনুষ্ঠানটো চাবৰ বাবে মেৰিনা বিচত একত্ৰিত হৈছিল।

এয়াৰ শ্ব’ শেষ হোৱাৰ পিছতে উভতি অহাৰ পথত লাখ লাখ লোকৰ মাজত হোৱা বিশৃংখল পৰিবেশ তথা হুলস্থুলৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাৰ লগে লগে সেই স্থানত উপস্থিত আৰক্ষী আৰু উচ্চ পদস্থ বিষয়াসকলে আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। পথত থকা লক্ষাধিক লোকৰ ভিৰৰ ফলত এম্বুলেন্সসমূহৰ চলাচলতো যথেষ্ট বাধাৰ সৃষ্টি হয়। আহতসকলক স্থানীয় চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে নিহত চাৰিগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠোৱা হয়।

যদিও এয়াৰ শ্ব’টো দুপৰীয়া ১ বজাত সমাপ্ত হৈছিল, তথাপিও নিশা পৰ্যন্ত দৰ্শকৰ ভিৰ আৰু যান-জঁটৰ সমস্যা চলি আছিল। মেৰিনা বিচ আৰু গৌচচেৰীৰ সমীপৰ লাইট হাউচ মেট্ৰ’ ষ্টেচন(Lighthouse Metro Station)ত থকা এম আৰ টি এছ ৰে’ল ষ্টেচনত চেন্নাই আৰু বিভিন্ন অঞ্চলৰ পৰা অহা লোকৰ ব্যাপক আগমনৰ বাবে অতিমাত্ৰা ভিৰ হৈছিল। শ্ব’ শেষ হোৱাৰ পিছত উভতি অহাৰ বাবে একে সময়তে হাজাৰ হাজাৰ লোক ষ্টেচনত উপস্থিত হোৱাৰ বাবে প্লেটফৰ্মত থিয় হোৱাটোও অসম্ভৱ হৈ পৰিছিল। তাৰোপৰি সন্ধিয়াৰ ভাগলৈকে আন্না স্কোৱেৰ(Anna Square)ৰ বাছ ষ্টপেজলৈকে অজস্ৰ দৰ্শকৰ ভিৰ দেখিবলৈ পোৱা গৈছিল ।

Related Articles