Chennai Super Kings: আজি চেন্নাই ছুপাৰ কিংছক নেতৃত্ব দিব ধোনীয়ে !

শনিবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছক নেতৃত্ব দিয়াৰ সম্ভাৱনা আছে মহেন্দ্ৰ সিং ধোনীয়ে। দলটোৰ বেটিং প্ৰশিক্ষক মাইক হাছেই এনে সম্ভাৱনা প্ৰকাশ কৰিছে। এইবাৰৰ আই পি এলত চেন্নাইয়ে এই পৰ্যন্ত দুখন মেচ খেলিছে। দুয়োখনতে পৰাস্ত হয় ৰুতুৰাজ গাইকৱাদৰ দল। কিন্তু চেন্নাই কৰ্তৃপক্ষই তেওঁৰ ওপৰত আস্থা হেৰুৱাইছেনে? অধিনায়ক সলনি কৰাৰ কথা ভাবিছে নেকি?(Chennai Super Kings)

চেন্নাই শিবিৰত অধিনায়ক ৰুতুৰাজৰ কোনো সমস্যা নাই। তেওঁৰ ওপৰত দল কৰ্তৃপক্ষৰ সম্পূৰ্ণ আস্থা। অৱশ্যে শনিবাৰে তেওঁ দিল্লীৰ বিৰুদ্ধে খেলিব নোৱাৰিব। চেন্নাইৰ অধিনায়কগৰাকীৰ সামান্য আঘাতপ্ৰাপ্ত। গতিকে চি এছ কে দলে ৰিস্ক ল’ব নিবিচাৰে।খেলপথাৰত অৱতীৰ্ণ হ’ব নোৱাৰিলে শনিবাৰে চেন্নাইক নেতৃত্ব দিব ধোনীয়ে।

শুকুৰবাৰে সংবাদমেলত ভাষণ দি হাছিয়ে কয় যে নেতৃত্বক লৈ আমি বৰ চিন্তিত নহয়। প্ৰশিক্ষক ষ্টিফেন ফ্লেমিং আৰু ৰুতুৰাজে এই বিষয়ে আলোচনা কৰিছে। অৱশ্যে আমাৰ দলত এজন যুৱ ক্ৰিকেটাৰ আছে যিয়ে দায়িত্ব সহজে চম্ভালিব পাৰে। যাক আমি ষ্টাম্পৰ আঁৰত থিয় হৈ থকা দেখিবলৈ পাওঁ।

হাছিৰ মন্তব্য শুনি সাংবাদিকসকলে জানিব বিচাৰিছিল যে শনিবাৰে দিল্লীৰ বিৰুদ্ধে চেন্নাইক ধোনীয়ে নেতৃত্ব দিব নেকি? “মই নিশ্চিত নহয়” হাছিয়ে ক’লে। কিন্তু তেওঁৰ নেতৃত্বৰ অভিজ্ঞতা আছে। ফলত দায়িত্ব চম্ভালিব পৰা যায়। “সঁচা কথা ক’বলৈ গ’লে সেই বিষয়ে মই একেবাৰেই নিশ্চিত নহয়।” যদি আজি ৰুতুৰাজে খেলিব নোৱাৰে তেন্তে ধোনীয়ে চেন্নাইক নেতৃত্ব দিব পাৰে।

Related Articles