দেশ তথা ৰাজ্যৰ আন আন ঠাইৰ লগতে ছয়গাঁৱ সমষ্টিৰ গৰৈমাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ঘোঁৰামাৰাস্থিত কামৰূপ জিলাৰ একমাত্ৰ ‘ দক্ষিণ কামৰূপ বধিৰ বিদ্যালয়’তো আজি দিনজোৰা কাৰ্যসূচীৰে বিশ্ব শ্ৰৱণ দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে পূৱা বৃক্ষৰোপন, চাফাই ,পতাকা উত্তোলন আদি কাৰ্যসূচীৰ পিছতে বিশ্ব শ্ৰৱণ দিৱস উপলক্ষে বিদ্যালয়ৰ বিশেষভাৱে সক্ষম ছাত্ৰ- ছাত্ৰীসকলে উলিয়ায় এখনি সজাগতা যাত্ৰা ৷ যাত্ৰাৰ শুভ উদ্বোধন কৰে বিদ্যালয়খনৰ পৰিচালন সঞ্চালক ৰফিকুল আলমে ৷ ইফালে, এই দিৱস উপলক্ষে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালী প্ৰতিযোগিতাও অনুষ্ঠিত হয় ৷
দুপৰীয়া বিদ্যালয় কক্ষত অনুষ্ঠিত হোৱা মুকলি সভাত সন্মানীয় অতিথি হিচাবে গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া অৰূপ বিৰকামীয়াই উপস্থিত থাকি আন শিশুসকলৰ দৰে দিব্যাংগ শিশু আৰু ছাত্ৰ- ছাত্ৰীসকলকেও যাতে উপযুক্ত শিক্ষা দীক্ষাৰে আগুৱাই যাব পাৰে তাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে ৷ লগতে বধিৰ বিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰীৰ লগতে পৰিচালনা সমিতিৰ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে আগবঢ়োৱা সেৱাৰো শলাগ লয় ৷ মুকলি অনুষ্ঠানত বিদ্যালয়খনৰ উপদেষ্টা জমিৰ উদ্দিন আহমেদও মূল্যৱান বক্তব্য দাঙি ধৰে ৷ অনুষ্ঠান উপলক্ষে গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে বিদ্যালয়খনৰ বিশেষভাৱে সক্ষম ছাত্ৰ- ছাত্ৰীসকলৰ বিভিন্ন সমস্যাৰ ওপৰতো উদ্যোক্তাসকলৰ সৈতে মত বিনিময় কৰে ৷