Breaking

কামতাপুৰ অটোনমাচ কাউন্সিল (কে এ চি) ৰ মুখ্য কাৰ্য্যবাহী পৰিষদৰ চকী দখলৰ বাৱে অঘোষিত মাৰাথন প্ৰতিযোগিতা

0 92

গৌৰীপুৰ, ১৩ জুলাই ২০২৪ইংঃ- নাৰী কেলেংকাৰীকে ধৰি বিভিন্ন দুৰ্নীতিৰ অভিযোগত কামতাপুৰ অটোনমাচ কাউন্সিল (কে এ চি) ৰ মুখ্য কাৰ্য্যবাহী পৰিষদ গোকুল বৰ্মনৰ অপসৰণৰ পিছতেই মুখ্য কাৰ্য্যবাহী পৰিষদৰ চকী দখলৰ বাৱে কে এ চিৰ একাংশ পাৰিষদৰ মাজত যেন চলিছে অঘোষিত মাৰাথন প্ৰতিযোগিতা।

ইয়াৰ মাজতে কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি (কে পি পি)ৰ সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে কে এ চিৰ বিলখন সংশোধন কৰিবলৈ ৰাজ্য চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে। কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি (কে পি পি) ৰ কেন্দ্রীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত কয় যে ৰাজ্য চৰকাৰে যিহেতু স্বায়ত্ব শাসিত পৰিষদ খনৰ নামাকৰণ-কামতাপুৰ স্বায়ত্ব শাসিত পৰিষদ হিচাপে ৰাখিছে, সেই বাৱে কে এ চিত অবিভক্ত গোৱালপাৰা জিলাৰ ( বি টি আৰ আৰু ৰাভা হাছাং অঞ্চল বাদ দি) সমগ্র অঞ্চলক সাঙুৰি লব লাগে আৰু পাৰিষদৰ সংখ্যা বৰ্তমানৰ ২৬ জনৰ পৰা বৃদ্ধি কৰি ৪০ জন কৰিবলৈ আবেদন জনায়। ইয়াৰে ৩০ খন আসন কোচ-ৰাজবংশী জনগোষ্ঠীয় লোকৰ বাৱে , ৫ খন আসন অনু সূচিত জাতিৰ লোকৰ বাৱে আৰু ৫ খন আসন সাধাৰণ শ্ৰেণীৰ লোকৰ বাৱে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে।

সমান্তৰাল ভাবে আন চাৰি সদস্যক বিভিন্ন সম্প্রদায়ৰ পৰা ৰাজ্যপালৰ জড়িতে মনোনয়ন কৰাৰ ব্যৱস্থা কৰিব লাগিব৷ বিবৃতিটোত কে পি পিৰ সাধাৰণ সম্পাদক গৰাকীয়ে আৰু কয় স্বায়ত্ত শাসন যিহেতু ত্ৰিস্তৰীয় পঞ্চায়তী ৰাজৰ বিকল্প ব্যবস্থা , সেয়ে কে এ চিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগকে ধৰি বাদ পৰি যোৱা বহু গুৰুত্বপূৰ্ণ অন্তর্ভুক্ত কৰিব কৰা উচিত । যেনেঃ- ভুমি আৰু ৰাজহাহ দপ্তৰ , নদ-নদী আৰু ঘাট, গড়কাপ্তানী বিভাগ, বন বিভাগ, কৃষি বিভাগ আদি কে এ চিত অন্তর্ভুক্ত কৰিব লাগিব। মুঠতে কে এ চিক এক শক্তিশালী স্বায়ত্ত শাসিত পৰিষদ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাৱে ৰাজ্য চৰকাৰক উপযুক্ত ব্যবস্থা গ্রহণ কৰিবলৈ দাবী জনোৱা হল।


কে পি পিৰ সাধাৰণ সম্পাদক গৰাকীয়ে কে এ চিৰ মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মনৰ অপসৰণৰ পিছত সৃষ্টি আচলাৱস্থ দুৰ কৰিবলৈ মুখ্য কাৰ্যবাহী পাৰিষদ হিচাপে ৰাজনৈতিক ভাৱে পৰিপক্ক আৰু সুদক্ষ ব্যক্তিক বাচনি কৰিবলৈ আবেদন জনায়। নহলে ৰাজনৈতিক ভাৱে অৱহেলিত, অৰ্থনৈতিক ভাৱে দুৰ্বল, সামাজিক ভাৱে পিছপৰা কোচ-ৰাজবংশী জনগোষ্ঠীৰ সব্বাঙ্গীন বিকাশ আৰু উন্নয়নৰ কাৰণে গঠিত স্বায়ত্ত শাসিত পৰিষদখন একাংশ দুৰ্নীতিপৰায়ণ পাৰিষদৰ বাৱে হৈ পৰিব সোনৰ কনি দিয়া হাঁহ। যতে কে এ চিত দ্বিতীয় জন গোকুল বৰ্মনৰ জন্ম নহয়। সেই দিশত বিশেষ দৃষ্টি নিক্ষেপ কৰিবলৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা দেৱক আমি কে পি পিৰ ফালৰ পৰা আবেদন কৰিলোঁ।


ইফালে বিবৃতিটোত কে পি পিৰ সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে আৰু কয় যে অসমৰ ৰাজনৈতিক ইতিহাসত কোচ-ৰাজবংশী জনগোষ্ঠীয়ে আজি অৰ্ধ শতকতকৈ অধিক সময় জনজাতিৰ মৰ্যাদা বিচাৰি আন্দোলন অব্যাহত ৰাখিছে ; গতিকে অতিশীঘ্রই ৰাজ্য চৰকাৰে কোচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ ব্যবস্থা গ্রহণ কৰা উচিত।

Leave A Reply

Your email address will not be published.