Breaking

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এটাই লক্ষ্য খিলঞ্জীয়াসকল শক্তিশালী হ’ব লাগেঃ মন্ত্ৰী পীযূষ হাজৰিকা

0 17

শনিবাৰে বঙাইগাঁৱত কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ সীমা নিৰ্ধাৰণৰ বাবে বিভিন্ন দল-সংগঠন আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে এখন সভাত অংশ লয় অসম চৰকাৰৰ সংসদীয় পৰিক্ৰমা, জল সম্পদ, তথ্য আৰু জনসংযোগ, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই। আজি পুৱাই ছচিয়েল মিডিয়াত এক লাইভ যোগে মন্ত্ৰীগৰাকীয়ে কালিৰ এই সভাত হোৱা কিছু অনুভৱৰ বিষয়ে ব্যক্ত কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কিছুদিনৰ পূৰ্বে গুৱাহাটীৰ এখন সভাত মন্ত্ৰীগৰাকীক সাক্ষাত কৰি কোচৰাজবংশী সংগঠনসমূহে অনুৰোধ জনাইছিল যে যদি ৫০ শতাংশ কোচৰাজবংশী লোক থকা গাঁওসমূহহে কমতাপুৰ স্বায়ত্ত পৰিষদ অন্তৰ্ভুক্ত কৰা হয়, তেন্তে যথেষ্ঠখিনি কোচৰাজবংশীলোক ইয়াৰ পৰা বঞ্চিত হ’ব। যাৰ বাবে এই ব্যৱস্থাটোৰ পুনৰ বিবেচনা কৰিব লাগে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তেওঁলোকক জনোৱা হ’ল যে কমতাপুৰ অঞ্চলৰ আন সম্প্ৰদায়ৰ লোকসকলৰ সৈতে যদি আলোচনাত মিলিত হৈ বুজাব পাৰে যে তেওঁলোকৰ গাঁৱসমূহো কমতাপুৰৰ অন্তৰ্গত কৰাত কোনো আপত্তি নাই, তেতিয়া চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

পৰৱৰ্তীসময়ত বঙাইগাঁৱৰ জিলা আয়ুক্তই কমতাপুৰৰ অন্তৰ্গত ২৬ টা সংগঠনৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত অন্যান্য সংগঠনসমূহৰ প্ৰতিনিধিসকলে জনালে যে খিলঞ্জীয়া লোকসকলৰ সুৰক্ষা নিশ্চিত হৈ থাকিলে আন আন সম্প্ৰদায়ৰ লোকসকল কমতাপুৰ স্বায়ত্ত পৰিষদৰ অন্তৰ্ভুক্ত হোৱাত কোনো আপত্তি নাই। ইয়াৰ পাছতে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী হাজৰিকাই কালি পুনৰ সকলো সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হ’বলৈ বঙাইগাঁৱত উপস্থিত হয়। মন্ত্ৰী হাজৰিকাই কালিৰ এই সভাৰ কথা উল্লেখ কৰি কয় যে সাধাৰণতে যদি অসম চৰকাৰে বা ভাৰত চৰকাৰে কোনো এটা সম্প্ৰদায়ক স্বায়ত্ত শাসন দিয়ে, তেতিয়া সেই অঞ্চলত আন সম্প্ৰদায়ৰ লোকসকল সোমাব নিবিচাৰে। কিন্তু নামনি অসমৰ পৰিবেশ সম্পূৰ্ণ বেলেগ। কাৰণ নামনি অসমত খিলঞ্জীয়সকল ঐক্যবদ্ধ হৈছ। কালিৰ এই সভাত সকলোৰে এটাই কথা তেওঁলোকৰ ভূমিৰ অধিকাৰ থাকিব লাগে, খিলঞ্জীয়াসকল যাতে শক্তিশালী হৈ থাকিব পাৰে, তেতিয়া কোনো লোকৰে কমতাপুৰ স্বায়ত্ত পৰিষদৰ অন্তৰ্ভুক্ত হোৱাত আপত্তি নাই। বিগত ২ টা বছৰ এই বিভাগৰ দায়িত্ব লোৱাৰ পাছত কালি মই আচৰিত হলো যে কোনো বাদ-বিবাদ নোহোৱাকৈ আন আন সম্প্ৰদায়ৰ সংগঠনসমূহে সকলোৱে একেমুখে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্ভুক্ত হ’ব বিচাৰিছে। খিলঞ্জীয়সকলৰ ভূমি অধিকাৰৰ স্বাৰ্থত ঐক্যবদ্ধ হৈ আন আন সম্প্ৰদায়ৰ লোকসকলে কমতাপুৰৰ অন্তৰ্গত হোৱাৰ এই সিদ্ধান্তক শলাগ লয় মন্ত্ৰী পীযূষ হাজৰিকাই।

আজিলৈকে এইদৰে কোনোৱে এটা বেলেগ সম্প্ৰদায়ৰ স্বায়ত্ত শাসনৰ অন্তৰ্ভুক্ত হ’ব নিবিচাৰে, কিন্তু নামনি অসমৰ সম্প্ৰদায়ৰ লোকসকলে যি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে তাক যাতে সকলোৱে উদাহৰণ ৰূপে লবলৈ মন্ত্ৰী পীযূষ হাজৰিকাই সকলো অসমবাসীক অনুৰোধ জনায়। তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এটাই লক্ষ্য খিলঞ্জীয়াসকল শক্তিশালী হওক, ভূমি সংৰক্ষণ হওক, আমাৰ কৃষ্টি সুৰক্ষিত হৈ থাকক তাৰ বাবে চৰকাৰে কাম কৰি আহিছে। জনসাধাৰণেও এই ক্ষেত্ৰত কৰা সহযোগিতাৰ বাবে মন্ত্ৰীগৰাকীয়ে আনন্দ প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.