Breaking

তিৱা সাহিত্য সভাৰ মুকলি সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

0 113

বৰ্ণিল চাৰিদিনীয়া কাৰ্যসূচীৰে সামৰণি পৰিল তিৱা মাথনলাই তখ্ৰা ।সকলো জনগোষ্ঠীৰ ভাষা সাহিত্য বিকাশ হ’লেহে অসমীয়া সাহিত্যৰ বিকাশ হব । তিৱা সাহিত্য সভাৰ মুকলি সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।

 

তিৱা ভাষা অসমৰ এটা প্ৰাচীন ভাষা ৷ সাহিত্য সৃষ্টি হয় প্ৰকৃতিৰ পৰা , প্ৰকৃতিৰ বিভিন্ন উপাদানৰ পৰা সাহিত্যই গজালি মেলিব, সেই সাহিত্যই জাতি জনগোষ্ঠীৰ সাহিত্যক সমৃদ্ধ কৰে ৷ ভাষা সাহিত্যৰ আন এটা ভেটি হ’ল লৌকিক পৰম্পৰা ৷ এই মন্তব্য কৰে অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

আজি বাৰপূজীয়াৰ শ্বহীদ হেমৰাম পাটৰ ক্ষেত্ৰত চাৰিদিনিয়া কাৰ্যসূচীৰে গুঞ্জৰিত হৈ থকা তিৱা সাহিত্য সভাৰ অন্তিম দিনৰ মুকলি সভাত মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মূখ্য অতিথিৰ ভাষণত তিৱা সাহিত্য সভাৰ বৰেণ্য ব্যক্তি সকলৰ লগতে ৪২ ৰ শ্বহীদ হেমৰাম পাটৰ , গুণাভিৰাম বৰদলৈ আৰু তিলক ডেকাৰ স্মৰণ কৰি তিৱা সকলৰ বৰেণ্য বীৰ পুৰুষ জোঙালবলহু গড়ক্ষেত্ৰক পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰিবলৈ ৰাজ্য চৰকাৰে ৫০ কোটি টকা ধাৰ্য কৰা কথা প্ৰকাশ কৰে ৷

মূখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে সাহিত্যৰ সৃষ্টি হৈছে ধৰ্ম আৰু বিশ্বাসৰ ওপৰত ৷ ধৰ্মৰ পৰা যদি জনজাতিসকলক আতৰাই দিয়া হয় তেনেহলে জনগোষ্ঠীয় জাতিসমূহ নিশেঃষ হৈ যাব ৷ তিৱাকে ধৰি অসমৰ প্ৰতিটো জনগোষ্ঠীৰ ভাষা -সাহিত্য বিকাশ হ’লেহে অসমীয়া সাহিত্যৰ বিকাশ হ’ব। জনগোষ্ঠীসমূহে নিজৰ বিশ্বাস পৰম্পৰাৰ পৰা আঁতৰি আহিলে জাতিৰ মৌলিকতা নাথাকিব বুলি মন্তব্য কৰি ধৰ্মান্তৰকৰণেও জনগোষ্ঠীসমূহৰ মৌলিকতাত আঘাত হানিছে বুলি মন্তব্য কৰে মূখ্যমন্ত্ৰী গৰাকীয়ে ৷

আনহাতে  পঞ্চম শ্ৰেণীলৈ নিজ নিজ জনগোষ্ঠীয় ভাষাত শিক্ষা দিয়া হ’ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ট্ৰাইবেল্ট, ব্লকসমূহ সংৰক্ষণৰ ব্যৱস্থা চৰকাৰে কৰিব বুলিও মন্তব্য কৰে ৷ আনহাতে অসমৰ ভুমি অধিকাৰ আইন সংশোধন কৰি জনজাতীয় লোকসকলৰ যিমান ভূমি আছে সিমান ভূমি অধিকাৰ দিয়া হৱ বুলি প্ৰকাশ কৰে মূখমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে  মুকলি সভাৰ আদৰণী ভাষণ প্ৰদান কৰি  বিধায়ক ৰমাকান্ত দেউৰীয়ে তিৱা জনগোষ্ঠীটোৰ সামগ্ৰীক উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীক  আহ্বান জনায়৷

লগতে বিধায়ক গৰাকীয়ে ভাৰতীয় স্বাধীনতা আন্দোলনত তিৱাসকলৰ বাদে আন জনগোষ্ঠীৰ একাংশই সংগ্ৰাম নকৰাকৈ কিছুলোকে ঘৰতে বহি মুক্তিযোদ্ধাৰ সন্মান আৰু সুবিধা লাভ কৰি আছে বুলি প্ৰকাশ কৰে ৷ তিৱা সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° বিদ্যুত বিকাশ সেনাপতিয়ে আতঁধৰা এই মুকলি সভাত উপস্থিত থাকে মৰিগাঁও সমষ্টিৰ বিধায়ক তথা তিৱা সাহিত্য সভাৰ আদৰণি সমিতিৰ সভাপতি ৰমাকান্ত দেউৰী , তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য  জীৱন চন্দ্ৰ কোঁৱৰ , ৰহা বিধান সভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস , অসম চৰকাৰৰ বিত্ত সঞ্চালক হেমন্ত কুমাৰ দেউৰী , নগাঁও জিলা উপায়ুক্ত নিসৰ্গ হিৱৰেই , তিৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লালচিং মাদাৰ , তিৱা সাহিত্য সভাৰ সভিপতি দীপেন্দ্ৰ নাথ বৰদলৈ , মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা , বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাটৰ লগতে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ সন্ধিয়া বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠানেৰে চাৰিদিনীয়া তিৱা সাহিত্য সভাৰ সফল সামৰণি পৰে ৷

Leave A Reply

Your email address will not be published.