Breaking

ৰাজ্যৰ ভিন্ন বান এলেকাত উপস্থিত হৈ বান পৰিস্থিতি পৰ্যৱেক্ষণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

0 15

ৰাজ্যৰ ভিন্ন বান এলেকাত উপস্থিত হৈ বান পৰিস্থিতি পৰ্যৱেক্ষণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰউপৰিও কলিয়াবৰৰ হাতীমুৰাৰ মথাউৰিৰ ছিঙা অংশত নিশা উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে জলসম্পদ বিভাগৰ বিষয়া, মন্ত্ৰী কেশৱ মহন্ত, নগাঁৱৰ জিলা আয়ুক্তৰে আলোচনাটো মিলিত হয়।

মথাউৰিৰ ছিঙা অংশ পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে মথাউৰি চিঙাটো এক দুৰ্ঘটনা। কামত কৰবাত কিবা গাফিলতি আছে নেকি ইয়াৰ তদন্ত হ’ব। কলং পুনৰ বোৱতী হ’বনে নাই সেয়া বিশেষজ্ঞৰে আলোচনা কৰা হ’ব । আনহাতে স্থানীয় বিধায়ক কেশৱ মহন্তই কয় – কাইলৈৰ পৰা বানাক্ৰান্তই পাব বানসাহাৰ্য।৩২ খন ৰাজহ গাঁৱত এজন এজন বিষয়াৰ নেতৃত্বত গ্ৰহণ কৰা হৈছে ব্যৱস্থা।আজিও বান সাহাৰ্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

Leave A Reply