Breaking

বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ বিয়োগত শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

0 66

যশস্বী চিত্ৰশিল্পী, অসম সৌৰভ বঁটাপ্ৰাপক নীলপৱন বৰুৱাৰ বিয়োগত শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ কলাৰ নিৰলস সাধনাৰে বিগত কেইবা দশক ধৰি তেখেতে অকল ৰাজ্যৰ চিত্ৰশিল্পৰ জগতখনকেই নহয়, সামগ্ৰিকভাৱে কলাৰ ক্ষেত্ৰখনকে সমৃদ্ধ কৰি আহিছিল ৷

বৰুৱাদেৱৰ প্ৰয়াণত ৰাজ্যখনে এগৰাকী কলাৰ একনিষ্ঠ সাধক তথা এগৰাকী বৰেণ্য ব্যক্তিত্বক হেৰুৱালো বুলি ছ’চিয়েল মিডিয়াৰ যোগেদি শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ তেখেতৰ বিয়োগ এক অপূৰণীয় ক্ষতি ৷ এই দুখৰ মুহূৰ্তত বৰেণ্য শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave A Reply

Your email address will not be published.