ডিব্ৰুগড়ৰ টেঙাখাতৰ ঘুমতাল অঞ্চলত বুঢ়ীদিহিং নৈৰ মথাউৰিৰ ছিগা অংশ পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ ঘুমতাল অঞ্চলত বুঢ়ীদিহিং নৈৰ মথাউৰিৰ ছিগা অংশ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। এখন নাৱত উঠি গৈ পৰিস্থিতি নিৰীক্ষণ কৰে আৰু বানাক্ৰান্তসকলক জৰুৰীকালীন সাহায্য প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী পীয়ূষ হাজৰিকা।

মথাউৰিৰ ছিগা অংশ অত্যাধুনিক প্ৰযুক্তিৰে জিঅ’ বেগ ব্যৱহাৰ কৰি মেৰামতি কৰিবলৈ যুদ্ধকালীন পদক্ষেপ গ্ৰহণ কৰিছে আৰু প্ৰশাসনে বানাক্ৰান্তৰ ক্ষতিগ্ৰস্ত ঘৰসমূহ মেৰামতি, পুনৰ্নিৰ্মাণ কৰিব বুলি ৰাইজক পৰিদর্শনকালত মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে।লগতে টেঙাখাত মহাবিদ্যালয়ত বানাক্ৰান্তৰ বাবে স্থাপন কৰা অস্থায়ী সাহায্য শিবিৰ পৰিদৰ্শন কৰি সা-সুবিধাবোৰৰ বিষয়ে বুজ লয়।

Related Articles