Breaking

Himanta Biswa Sarma: চৰ্চাত এখন ফটো! কোন হয় চিনি পাইছে নে ফটোখনত

17

মামা খ্যাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন ফটো সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈছে। অৱশ্যে এই ফটোখন মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ সামাজিক মাধ্যমৰ একাউণ্টতও শ্বেয়াৰ কৰিছে। (Chief Minister Himanta Biswa Sarma’s emotional post on Facebook)ফটোখন শ্বেয়াৰ কৰি তেওঁ লিখিছে-

অনুৰাগীৰ মাজত সক্ৰিয় মুখ্যমন্ত্ৰী হিচাপে পৰিচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দিনটোৰ প্ৰায় সকলোবোৰ কাৰ্যৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে ৰাইজক জনাই। শিশুৰ পৰা বৃদ্ধলৈ, যুৱতীৰ পৰা মহিলালৈ সকলোৱে প্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেয়ে তেওঁক মৰমতে নাম দিছে ‘মামা’। (Himanta Biswa Sarma)মামা খ্যাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন ফটো সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈছে। অৱশ্যে এই ফটোখন মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত শ্বেয়াৰ কৰিছে। (Chief Minister Himanta Biswa Sarma’s emotional post on Facebook)ফটোখন শ্বেয়াৰ কৰি তেওঁ লিখিছে-

স্মৃতিৰ পেৰাত কটনৰ সাঁচতীয়া সময়!
চাওঁতে চাওঁতে দুটা দশকতকৈ অধিক সময় ৰাজনীতিৰ পথাৰত কটাইছোঁ৷ কিমান যে নিৰ্বাচন আহিল আৰু পাৰ হৈ গ’ল৷ এই সকলোৰে ভিতৰত কটনৰ সাধাৰণ সম্পাদকৰ নিৰ্বাচন আছিল মোৰ জীৱনৰ আটাইতকৈ নিৰ্ধাৰিত কঠিন যুঁজৰ অন্যতম৷ এই নিৰ্বাচনী যুঁজ কেৱল ভোটৰ বাবে নাছিল; এয়া আছিল এটা প্ৰজন্মৰ সৌহাৰ্দ্য, আৱেগ আৰু সপোন ভগাই লোৱাৰ প্ৰবল ইচ্ছাৰ আধাৰ৷
উভতি চালে দেখোঁ– সেই দিনবোৰ মোৰ যাত্ৰাৰ এটি সামান্যতম অধ্যায় নহয়, বৰঞ্চ তাৰ পাছত ঘটা সমূহৰ এক ভেটি। জীৱনৰ শিক্ষা, গঢ়ি উঠা বন্ধুত্ব আৰু সেই প্ৰচাৰৰ সময়ত জাগি উঠা দুৰ্বাৰ হেঁপাহেৰে আজিও সমৃদ্ধ এই জীৱন। আজিও সেয়ে ঘূৰি চাওঁ কটনৰ সেই দিনবোৰলৈ…

সামাজিক মাধ্যমত এইদৰে কটনৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

১৯৮৫ চনত কামৰূপ একাডেমীৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই উচ্চ শিক্ষাৰ বাবে কটন কলেজত নামভৰ্তি কৰে। তেওঁ ১৯৯১-৯২ত কটন কলেজৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিল। তেওঁ কটনৰ পৰাই ৰাজনীতি বিজ্ঞানত ১৯৯০ চনত স্নাতক আৰু ১৯৯২ চনত স্নাতকোত্তৰ পৰীক্ষা পাছ কৰে। গুৱাহাটী চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।

আনহাতে ২০০১ চনত জালুকবাৰীৰ সমষ্টিৰ পৰা প্ৰথমবাৰলৈ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল শৰ্মাই। কিন্তু তেওঁ পৰাজয় হৈছিল। ২০০৬ চনত দ্বিতীয়বাৰৰ বাবে জালুকবাৰীৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি প্ৰথমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল হিমন্ত বিশ্ব শৰ্মা। ২০১১ চনতো জালুকবাৰীৰ সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হৈছিল হিমন্ত বিশ্ব শৰ্মা।

অৱশ্যে ২০১৪ চনত কংগ্ৰেছৰ সদস্য পদ ত্যাগ কৰি ডঃ হিমন্ত বিশ্ব শৰ্মাই ২০১৫ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ২০১৬ চনত ভাৰতীয় জনতাৰ পাৰ্টিৰ প্ৰাৰ্থী হিচাপে বিপুল ভোটত জয়লাভ কৰে ডঃ হিমন্ত বিশ্ব শৰ্মা। ২০২১ চনতো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হৈ জালুকবাৰীৰ সমষ্টিৰ পৰা ১ লাখৰো অধিক ভোটত জয়লাভ কৰে। তাৰপিছত ২০২১ চনৰ ১০ মে তাৰিখে অসমৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই।

Comments are closed.