Breaking

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৰেকৃষ্ণ মহন্ত আতাৰ পূণ্য স্মৃতিত শ্ৰদ্ধাঞ্জলি

0 37

বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ ,অসমীয়া সত্ৰীয়া সংস্কৃতি আৰু আধ্যাত্মিক জগতখনৰ এগৰাকী উজ্জ্বল জ্যোতিষ্ক হৰেকৃষ্ণ মহন্ত বাপ  ।তেখেতৰ পূণ্য স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ মহান উদ্দেশ্যৰে আজি মই এই পবিত্ৰ সত্ৰ ভূমিত পদাৰ্পণ কৰিছো বুলি জানিব দিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতাই পৰ্বত সমান অৱদান আগবঢ়াই গৈছে।অসমৰ প্ৰতিটো জাতি- জনগোষ্ঠীক একাকাৰ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে বাট বুলি   শ্ৰেণীবিহীন সমাজ নিৰ্মাণ কৰা মহন্ত আতা আমাৰ বাবে সদায়েই প্ৰেৰণা আৰু আদৰ্শৰ প্রতীক হৈ ৰ’ব।যোৱা ১৯জুলাই তাৰিখে বৈকুণ্ঠগামী হোৱা ওদালগুৰি জিলাৰ ডিমাকুছিস্থিত বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ ,ভকত শিৰোমণি ,ওদালগুৰি ৰত্ন,সত্ৰ ভূষণ আদি বিভিন্ন উপাধিৰে বিভূষিত সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতাৰ সৎকাৰস্থলী পৰিদৰ্শন কৰাৰ লগতে পূণ্য স্মৃতিত শ্ৰদ্ধাঞ্জলি আৰু সত্ৰত অসমৰ মঙ্গলৰ বাবে সেৱা আগবঢ়াই কয় তেখেতৰ আদৰ্শ নৱ প্ৰজন্মৰ মাজত প্ৰবাহিত কৰিবলৈ চিন্তা -চর্চা কৰি থকা হৈছে বুলি জানিব দিয়ে। সত্ৰ সংবৰ্ধন ,সংৰক্ষণ কৰাৰ সুব্যৱস্থা কৰি থকা বুলি জনোৱাৰ লগতে তেখেতে প্ৰতিষ্ঠা কৰা ৩৩খন সত্ৰৰ কথাও চিন্তা কৰি থকা বুলি জানিব দি কয় শংকৰদেৱে প্ৰতিষ্ঠা কৰা নৱ বৈষ্ণৱ ধৰ্মৰ পৱিত্ৰ নিৰ্মালি অসমৰ জাতীয় জীৱনত সৰ্বজন স্বীকৃতি হৈছে।শংকৰদেৱৰ আদৰ্শৰে  বাটেৰে জাতি -জনজাতিয়ে  খোজ কাঢ়িবলৈ সক্ষম হৈছে আৰু অসমৰ জাতীয় ইতিহাসত জনজাতীয় সত্ৰাধিকাৰ নিৰঞ্জন বড়োৱে আতাৰ আধৰুৱা কামবোৰ সম্পূৰ্ণকৰণ কৰিব পাৰিব   সদিচ্ছা প্রকাশ কৰিছে। বৰঙাজুলি সত্ৰ পৰিচালনা সমিতি ,ভকত বৈষ্ণৱ ,অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী প্ৰমুখ্যে বিভিন্ন ব্যক্তিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে।

Leave A Reply

Your email address will not be published.