Breaking

ধিঙৰ নাৰকীয় কাণ্ডক লৈ সৰৱ মুখ্যমন্ত্ৰী…

0 23

ধিঙৰ নাৰকীয় কাণ্ডক লৈ সৰৱ মুখ্যমন্ত্ৰী: ঘটনাৰে জড়িত অপৰাধীৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ
ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, যোৱা লোকলভা নিৰ্বাচনৰ পাছত অসমত এনে ২২টা ঘটনা ঘটিছে, এইটো ২৩ নম্বৰ ঘটনা।

এই ঘটনাবোৰৰ লগত কিছুমান বিশেষ মানুহ জড়িত হৈ থাকে। আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম. ইতিমধ্যে ধিঙলৈ ডিজিপিক পঠাইছোঁ। “ৰাজ্য কঁপাই যোৱা ধিঙৰ ঘটনাৰ পাছতেই ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। জঘন্য ঘটনাৰ পিছতেই ধিং বন্ধ ঘোষণা কৰিছিল আছুৱে।

আছুৰ এই বন্ধক সমৰ্থন জনাইছে ব্যৱসায়ী তথা ৰাইজে। আজি ধৰ্ষণৰ ঘটনাৰ এজন অভিযুক্তক আটক কৰে আৰক্ষীয়ে। আন দুজনক বিচাৰি অব্যাহত আছে আৰক্ষীৰ অভিযান।

তদন্তৰ খাতিৰতে অভিযুক্তৰ নাম প্ৰকাশৰ পৰা বিৰত আৰক্ষী। ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। DGPক ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ।

Leave A Reply

Your email address will not be published.