Breaking

বিশ্বনাথ জিলাত উপস্থিত মুখ্যমন্ত্ৰী, কেইবাটাও গুৰুত্বপুৰ্ণ বিষয় ঘোষণা

0 2,029

প্ৰথমে মুখ্যমন্ত্ৰী গৰাকীয়ে হেলিকপ্তাৰ যোগে বিহালী মহাবিদ্যালয় অস্থায়ী হেলীপেডত অবতৰণ কৰি বিধায়ক ৰঞ্জিত দত্তৰ ঘৰত পুৱাৰ আহাৰ গ্ৰহন কৰে৷ইয়াৰ পিছত বিহালীৰ বৰবীল চাহ বাগিচাৰ যি শ্ৰী শ্ৰী জাগ্ৰত কালি মন্দিৰত উপস্থিত হ’ব৷ ।এই কালি মন্দিৰত উপস্হিত হৈ আশীষ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে।ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে বিহালী সমষ্টিৰ অন্তৰ্গত চিলাহৰণ প্ৰাথমিক বিদ্যালয় উপস্হিত হৈ শিশু সকলৰ খাদ্য বিতৰণ কৰাৰ লগতে পাঠ দানতো অংশ লয় । ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে শ্ৰী শ্ৰী গাংমৌথানত   আৰ্শীষ গ্ৰহন কৰাৰ লগতে থানখনত অসম দৰ্শন আঁচনিৰ অধিনত চলি থকা নিৰ্মান কাৰ্যৰ বুজ লৈ গাংমৌ থানত এখন সম্বৰ্ধনা সভাত অংশ গ্ৰহন কৰি পুনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিহালী সমষ্টিৰ ৰাংছালী চেণ্টাৰত সদৌ ৰাংছালী আৰ্থসামাজিক উন্নয়ণ সমিতিয়ে আদৰণি  জনৈৱাৰ পিছত  বটিয়ামাৰিৰ ব্ৰহ্মপুৰ  গড়াখহনীয়া অঞ্চলৰ পৰিৰ্দশন কৰি ভানু ৰংগমঞ্চত ৰাজহোৱা সভাত অংশ লয় কয় যে (এম ডি ৰোড )মোনাবাৰীৰ  পৰা বৰঙাবাৰী পথটি  ছহীদ কনকলতা বৰুৱা নামত ঘোষণা কৰে। তদুপৰি ভানু ৰঙ্গমঞ্চলৈ ১০ লাখ ;বটিয়ামাৰীৰ শৈশিক দিশ উত্তোৰণৰ ক্ষেত্ৰত এখন হাইস্কুলৰো ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।তাৰ পিছতে মুখ্য মন্ত্ৰী গৰাকীয়ে পোনে পোনে যাব গহপুৰত।গহপুৰত মুঠ পাঁচটা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।

১/ছিগনেচাৰ আঁচনিৰ অধীনত নিৰ্মীয়মান অৱস্থাত থকা গহপুৰৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ঘাঁহিগাঁও ষ্টেডিয়ামৰ কামৰ অগ্ৰগতিৰ বুজ ল’ব মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই।
২/ছিগনেচাৰ আঁচনিৰ জৰিয়তে ইতিমধ্যে নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা ঘাঁহিগাঁও চাৰিআলিৰ পৰা দক্ষিণলৈ সোমাই যোৱা ছহিদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি গড়কাপ্তানি পথৰ আনুষ্ঠানিকভাৱে দ্বাৰ মুকলি কৰিব মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।
৩/ইয়াৰ পিছত ঘাঁহিগাঁৱস্থিত হেলেম সাহাৰ্য্যপ্ৰাপ্ত চিকিৎসালয়খন পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
৪/যাত্ৰাপথত তেওঁ বৰঙাবাৰীস্থিত ছহিদ কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলী অৰ্পণ কৰিব।
৫/অন্তিমটো কাৰ্য্যসূচী অনুসৰি ডিপৰাস্থিত শ্ৰীশ্ৰী মা কল্যানী দেৱালয়ত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সেৱা আগবঢ়োৱাৰ লগতে নিৰ্মীয়মান কামৰ অগ্ৰগতিৰ বুজ ল’ব।ইয়াৰ পিছতে তেওঁ ডিপৰাৰ অস্থায়ী হেলিপেডৰ পৰা ধেমাজিলৈ উৰা মাৰিব।
মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰলৈ গহপুৰলৈ আহিবলগীয়া ড: হিমন্ত বিশ্ব শৰ্মাৰ আগমনক লৈ উৎফুল্লিত হৈ পৰিছে গহপুৰ বাসী।সকলো কাৰ্য্যসূচীতে গহপুৰ বাসী ৰাইজৰ আন্তৰিক সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাৰ লগতে বিশ্বনাথ জিলা বিজেপিৰ সাধাৰণ সম্পাদক নোমল বৰুৱা আৰু হেলেম মণ্ডল বিজেপিৰ সভাপতি নিৰণ হাজৰিকাই। বিজেপিৰ সাধাৰণ  সম্পাদক কিশোৰ উপাধ্যায় আদিয়ে অংশ লয় ।

Leave A Reply

Your email address will not be published.