Breaking

লংকাত চাইল্ড লাইন আৰু আইন সেৱা প্ৰাধিকৰণৰ যুটীয়া অভিযান

0 55

লংকা

লংকাৰ পাঞ্জাৱী বস্তিৰ অৱতাৰ সিঙৰ বাসগৃহৰ পৰা সোমবাৰে এগৰাকী ১০ বছৰীয়া বনকৰা কিশোৰী উদ্ধাৰ হোৱা ঘটনাই তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে ১০ বছৰীয়া কিশোৰীগৰাকীক অৱতাৰ সিঙে নিজৰ ঘৰত বহু বছৰৰ পৰাই ঘৰুৱা কামত নিয়োজিত কৰাৰ লগতে শেহতীয়াকৈ নিজৰ নৱ নিৰ্মিত বাসগৃহত ৰাজ মিস্ত্ৰী লগত সহযোগী হিচাপে কাম কৰিবলৈও বাধ্য কৰাইছিল। কিশোৰীগৰাকীয়ে মূৰত চিমেণ্ট, ইটা লৈ যোগালী কাম কৰি থকা অৱস্থাত বিশেষ সূত্ৰৰ খবৰ লাভ কৰি সোমবাৰে হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰণিতা মৰাং, লংকা চাইল্ড লাইনৰ মিন্টু শৰ্মা আৰু লংকা আৰক্ষীৰ সহযোগত অৱতাৰ সিঙৰ বাসগৃহৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰে। সম্প্ৰতি  কিশোৰীগৰাকীক হোজাই জিলা শিশু কল্যাণ সমিতিলৈ প্ৰেৰণ কৰা হৈছে। 

Leave A Reply

Your email address will not be published.