পশ্চিম নলবাৰী,প্ৰতিবেদক :“মানুহে প্ৰকৃতিৰ লগত সহাৱস্থান কৰি সমাজ গঢ় দিয়ে । আকাশ ,নদী ,পথাৰ ,গছ , চৰাই-চিৰিকটি ,জীৱ-জন্তু আদিৰ সহাৱস্থানত মানুহে সভ্যতা-সংস্কৃতিৰ জন্ম দিয়ে ।মানৱ সমাজত ধৰ্ম ,ভাষা ,জাতিৰ মাজতো সহাৱস্থান গঢ়ি উঠে ”। এই মন্তব্য অধ্যাপক ড: অৱনী কুমাৰ ভাগৱতীৰ । পশ্চিম নলবাৰীৰ অন্যতম সমাজ-সাংস্কৃতিক অনুষ্ঠান সাহপুৰ ৰাজঘাটস্হ ধৰ্মপুৰ জ্ঞানদায়িনী নাট্যসমাজৰ শিশু দিৱসৰ অনুষ্ঠান এটিত আজি তেখেতে বক্তব্য আগবঢ়ায় । নাট্যসমাজৰ সভাপতি দীপক কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অংকিতা তালুকদাৰ নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী এগৰাকীৰ দ্বাৰা ৰচিত ‘ পণ্ডিত প্ৰৱৰ ভৱদেৱ ভাগৱতী ‘ শীৰ্ষক পুস্তিকা এখন ড: ভাগৱতীয়ে উন্মোচন কৰে । সভাত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সভাপতি গণেশ বৰ্মনেও শিশু সকলক সাহিত্য ৰচনাৰ ক্ষেত্ৰত উৎসাহ যোগায় । আজি শিশুদিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠানটিৰ উদ্যোগত শিশুৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছিল ।অনুষ্ঠানৰ আঁত ধৰে বিপুল বৰ্মনে ।# চামতাত শিশু দিৱস উদযাপন :- চামতাৰ পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ মঞ্চ সূৰ্য ধৰনী বৰ্মন সোৱৰণী প্ৰেক্ষাগৃহত সৃষ্টি ডেন্স এণ্ড ড্ৰামা ফাউণ্ডেচনে আজি শিশুৰ মাজত চিত্ৰাংকণ , খেল ধেমালী প্ৰতিযোগিতাৰে শিশু দিৱস উদযাপন কৰে ৷ এই অনুষ্ঠানত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সভাপতি ৰাজেন বৈশ্য অতিথি হিচাবে উপস্হিত থাকি শিশু দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি শিশু সকলক ভাল মানুহ হবলৈ উৎসাহিত কৰে
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- AJYCP protests against ONGC: নাজিৰাত ONGCৰ থলুৱাবিৰোধী নীতিৰ বিৰুদ্ধে AJYCPৰ বিক্ষোভ
- Oil and gas drilling in Gibbon Sanctuary: গিবনত তেল-গেছ খননৰ সিদ্ধান্তৰ কঠোৰ বিৰোধিতা আটাছুৰ
- Nagaon District Medicine Dealers’ Association:ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতেই মুহূৰ্তে মুহূৰ্তে ৰং সলনি কৰিছে নগাঁৱৰ ঔষধ ব্যৱসায়ী সন্থাই
- Nazira ONGC employee goes to jail:ইনষ্টাগ্ৰামৰ বাগিৰে লজ্জানত কাণ্ড! ONGCৰ কৰ্মচাৰী গ’ল জে’ল হাজোতলৈ
- Na Lakhimi Scheme:মহিলা হিতাধিকাৰীক ন-লখিমী আঁচনিৰ দ্বাৰা মাহে ৩০০০ টকাকৈ দিয়া হ’বঃ ভূপেন কুমাৰ বৰা
- All Tiwa Students Union: বেদখলকৃত ভূমি উচ্ছেদ কৰি ট্ৰাইবেল বেল্ট-ব্লক সংৰক্ষণৰ দাবী সদৌ তিৱা ছাত্ৰ সন্থাৰ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
- Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!