cholesterol: উচ্চ কলেষ্টেৰলৰ ভয়ত কণী কমকৈ খাই নেকি?

বহু লোকে কণী খাই ভাল পায়। কিন্তু বহু সময়ত এটা ভয়ৰ সৃষ্টি হয়। কিয়নো অত্যধিক কণী খালে কলেষ্টেৰল বৃদ্ধি পাব পাৰে।(cholesterol)

আমি সৰুৰে পৰা শুনি আহিছোঁ যে প্ৰতিদিনে কণী খাব লাগে। কণী স্বাস্থ্যৰ বাবে অতি উপকাৰী। কণী খালে শক্তি বাঢ়ে। (eggs increase cholesterol)কিন্তু একাংশ লোকে ভয় কৰে যে বেছিকৈ কণী খালে বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাব পাৰে আৰু হৃদৰোগ হোৱাৰ সম্ভাৱনা থাকে। লগতে মনত প্ৰশ্ন হয় যে অধিক মাত্ৰা কণী খালে শৰীৰত উচ্চ কলেষ্টেৰল বৃদ্ধি পাই-

কিন্তু এই ভয় ভিত্তিহীন, আচলতে প্ৰতিদিনে এটাকৈ কণী খোৱাটো আপোনাৰ হৃদযন্ত্ৰৰ বাবে ভাল আৰু ই আপোনাৰ তেজত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি নকৰে। কিন্তু কলেষ্টেৰল বৃদ্ধি আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত এজন ব্যক্তিয়ে দৈনিক কিমান কণী খাব পাৰে সেই সম্পৰ্কে দীৰ্ঘদিনীয়া বিতৰ্ক চলি আহিছে।(Egg Will Not Increase Cholesterol)

কণী সৰ্বাংগীন পুষ্টিৰ এক গুৰুত্বপূৰ্ণ উৎস। কণীত ভিটামিন আৰু খনিজ পদাৰ্থ আৰু অন্যান্য পুষ্টিকৰ উপাদানও থাকে। গুৰুত্বপূৰ্ণ কথাটো হ’ল ই সহজে উপলব্ধ আৰু আন বস্তুৰ তুলনাত সুলভ মূল্যও।

আনহাতে বিশেষজ্ঞসকলৰ মতে এই হৃদৰোগৰ কাৰকসমূহৰ ভিতৰত চিগাৰেট সেৱন, মদ্যপান, পাৰিবাৰিক হৃদৰোগৰ ইতিহাস, মেদবহুলতা, ব্যায়ামৰ অভাৱ, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ আদি উল্লেখযোগ্য। আচলতে এনেবোৰ কাৰণতহে হৃদৰোগ হ’ব পাৰে।(egg)

কণীত উচ্চমানৰ প্ৰটিন, ভিটামিন বি ১২, ফছফৰাছ আৰু চেলেনিয়াম প্ৰচুৰ পৰিমাণে থাকে। এইবোৰত কলিনও থাকে যিটো মগজুৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। কণীত থকা ভিটামিন এ, ভিটামিন বি ১২ আৰু চেলেনিয়াম ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ।

প্ৰতিদিনে এটাকৈ কণী খালে হৃদযন্ত্ৰ ভালে থাকে লগতে উচ্চ কলেষ্টেৰলতো কোনো প্ৰভাৱ নপৰে।(heart)

Related Articles