Breaking

কলেষ্টেৰলো হ্ৰাস পাব আৰু শৰীৰো ঠাণ্ডা হ’ব! তাৰ বাবে কোনবোৰ ফল নিয়মিতভাৱে খাব, জানি লওক…

0 26

কলেষ্টেৰলৰ মাত্ৰাই সকলোৰে শৰীৰৰ বিপাকীয় হাৰ নিয়ন্ত্ৰণ কৰে। যদি কাৰোবাৰ ব্লাড চুগাৰ বেছি হয় তেন্তে কলেষ্টেৰলৰ মাত্ৰা বেছি হোৱাৰ সম্ভাৱনা থাকে। যুৱক-যুৱতীসকলৰ মাজত কলেষ্টেৰলৰ আশংকাও বৃদ্ধি পাইছে। আচলতে কলেষ্টেৰলৰ মাত্ৰাই সকলোৰে শৰীৰৰ বিপাকীয় হাৰ নিয়ন্ত্ৰণ কৰে। যদি কাৰোবাৰ ব্লাড চুগাৰৰ মাত্ৰা বেছি হয়, তেন্তে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধিৰ আশংকা থাকে। কলেষ্টেৰল হ্ৰাস হ’বলৈ কোনবোৰ ফল খাব লাগে জানো আহক-

কলেষ্টেৰল বা হৃদযন্ত্ৰৰ সমস্যা থাকিলে চিকিৎসকে সদায় আপেল খোৱাৰ পৰামৰ্শ দিয়ে। আপেলে হৃদযন্ত্ৰত তেজ জমা হোৱাত বাধা দিয়ে। ইয়াৰ উপৰিও ই কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখে।

ভিটামিন চি থকা নেমুই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে কলেষ্টেৰলৰ মাত্ৰা স্বাভাৱিক কৰি ৰখাত সহায় কৰে। যদি আপোনাৰ কলেষ্টেৰল থাকে তেন্তে প্ৰতিদিনে এটাকৈ নেমু খাব পাৰে।

আঙুৰত আঁহৰ পৰিমাণ বেছি। আঁহযুক্ত আঙুৰে শৰীৰত কলেষ্টেৰলৰ মাত্ৰা সঠিক কৰি ৰাখি হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। সেই বিপদ কম কৰিবলৈ ঔষধৰ লগতে আঙুৰ বেছিকৈ খাব লাগে।

শৰীৰত বেয়া কলেষ্টেৰলৰ লগতে ভাল কলেষ্টেৰল থাকে। কিউইয়ে এই ভাল কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি কৰে। ই হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। বেয়া কলেষ্টেৰলৰ মাত্ৰাও ক্ৰমান্বয়ে কম কৰে।

Leave A Reply

Your email address will not be published.