Chutia Students Union । বিভিন্ন কাৰণত ৰাজ্যজুৰি ওলাই আহিল চুতীয়া ছাত্ৰ সন্থাৰ সদস্যসকল

তিতাবৰ, ১৪ অক্টোবৰঃ অসমৰ প্ৰাচীন ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্বশাসিত পৰিষদ (autonomous council)গঠন আৰু ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনৰ দাবীত আজি তিতাবৰ নগৰৰ মাজমজিয়াত প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ন কৰে সদৌ যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাই (Chutia Students Union)।

অসমৰ প্ৰাচীন ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ শক্তিশালী ছাত্ৰ সংগঠনটোৰ দুই শতাধিক নেতা-কৰ্মী আৰু মহিলা তথা জনগোষ্ঠীটোৰ তিতাবৰৰ ভিন্ন প্ৰান্তৰ জ্ঞাতিসকলে কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰ হুঁচিয়াৰ, বিজেপি চৰকাৰ গ’ বেক, নৰেন্দ্ৰ মোদী (PM Narendra Modi)গ’ বেক, হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা গ’ বেক, NO ST NO REST, আমাক জনজাতিৰ মৰ্যদা প্ৰদান কৰিবই লাগিব, আমাক স্বায়ত্ব শাসন লাগিবই, জনজাতিকৰণ আমাৰ জন্মগত অধিকাৰ, এই জুই জ্বলিছে-জ্বলিবই, আমাৰ সংগ্ৰাম চলিছে-চলিবই, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্ল’গানেৰে তিতাবৰৰ ৰাজপথ উত্তাল কৰি তোলে।

কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক অৱন বৰাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে, চুতীয়া জনগোষ্ঠীক প্ৰাপ্য অধিকাৰৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে, সেয়া লাগিলে নৰেন্দ্ৰ মোদীয়ে হওক বা হিমন্ত বিশ্ব শৰ্মাই হওক। জনগোষ্ঠীটোক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ফল বিজেপি চৰকাৰে ভোগ কৰিব।

চুতীয়া জনগোষ্ঠীকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদানৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে চূড়ান্ত প্ৰতাৰণা কৰা পৰিলক্ষিত হৈছে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ বিভিন্ন নিৰ্বাচনি সভাত সেই সময়ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে শাসনৰ গাদীলৈ আহিলে অসমৰ ছয় জনগোষ্ঠীক ছয় মাহৰ ভিতৰত জনজাতিৰ মৰ্যদা প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

শাসনৰ গাদী পাই এই বিষয়টোত পাভলুটি মাৰিলে বুলি কয়। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৰা ৰাজনীতি বন্ধ কৰি আগন্তুক ছয় মাহৰ ভিতৰত জনজাতিৰ মৰ্যদা প্ৰদান নকৰিলে চুতীয়া ছাত্ৰ সন্থা যিকোনো পৰ্যায়লৈ যাবলৈ বাধ্য হ’ব। তেতিয়া যিকোনো অনাকাংক্ষিত পৰিৱেশ-পৰিস্থিতিৰ সৃষ্টি হ’লে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ জগৰীয়া হ’ব বুলি সঁকিয়াই দিয়ে।

চুতীয়া জনগোষ্ঠীক স্বায়ত্ব শাসন প্ৰদান কৰিম বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি আজিলৈকে কাৰ্যকৰী নোহোৱাতো নেতাগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে। লগতে তেওঁ কয় যে, ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ (historical Chutia kingdom), সৌন্দৰ্যবৰ্ধনৰ বাবে অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ আলোচনাত কেবিনেট মন্ত্ৰী কেশৱ মহন্তক ঐতিহাসিক স্থানসমূহ পৰিদৰ্শন কৰি সংৰক্ষণ (ancient monuments), সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা গ্ৰহণৰ বাবে দায়িত্ব প্ৰদান কৰিছিল। আলোচনামৰ্মে মন্ত্ৰী কেশৱ মহন্ত, পুৰাতত্ত্ব বিভাগৰ বিষয়া আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই একেলগে ঐতিহাসিক স্থান সমূহ ২০১৮ চনতেই পৰিদৰ্শন কৰিছিল যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি আক্ষেপেৰে কয়।

চুতীয়া জনগোষ্ঠীক এনেদৰে প্ৰতাৰণা কৰা কাৰ্য কোনো কাৰণতে মানি লোৱা নহব বুলি কোৱাৰ লগতে চুতীয়া জনগোষ্ঠী বসবাস কৰা প্ৰতিখন গাঁৱত এইবিলাক বিষয়ক লৈ সজাগতা সভা অনুস্থিত কৰি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰৰ বিৰুদ্ধে জনগোষ্ঠীটোৰ ৰাইজক অৱস্থান লবলৈ বাধ্য কৰাব বুলি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অৱন বৰাই জানিবলৈ দিয়ে।

কাৰ্যসূচীত যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টাদ্বয় ক্ৰমে অংশুমান শইকীয়া, ধ্ৰুৱজ্যোতি বৰা, সভাপতি ৰুবুল বৰা প্ৰমূখ্যে সন্থাৰ নেতৃবৃন্দৰ লগতে চুতীয়া জনগোষ্ঠীৰ বহুসংখ্যক জ্ঞাতিবৰ্গই অংশগ্ৰহণ কৰে।

উল্লেখ্য, চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বাৰম্বাৰ প্ৰতাৰণা কৰাৰ প্ৰতিবাদত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে গ্ৰহণ কৰা এলানী প্ৰতিবাদী কাৰ্যসূচীৰ ইতিপূৰ্বে প্ৰথমটো কাৰ্যসূচী অৱস্থান ধৰ্মঘট, দ্বিতীয়টো ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰাৰ পাছত আজি প্ৰতিকৃতি দাহ কাৰ্যসূচী আৰু ১৮ নৱেম্বৰত বিশাল গণ সমাৱেশ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব।

ইয়াৰ পিছতো যদি চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আগন্তুক দিনত জিলা বন্ধ, অৰ্থনৈতিক অৱৰোধৰ দৰে জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অবন বৰা আৰু যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰাই ‘দৈনন্দিন বাৰ্তা’ৰ তিতাবৰৰ সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা প্ৰমুখ্যে সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ জৰিয়তে জানিবলৈ দি এইক্ষেত্ৰত চুতীয়া জনগোষ্ঠীৰ জ্ঞাতিবৰ্গৰ সহযোগিতা কামনা কৰিছে।

Related Articles